আজি ভাৰতৰ অন্যতম আগশাৰীৰ নেতা নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ সভাপতি শাৰদ পাৱাৰে পদৰ পৰা পদত্যাগ কৰিছে। ১৯৯৯ চনত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ প্ৰতিষ্ঠা কৰিছিল পাৱাৰে। আজি নিজৰ আত্মজীৱনী প্ৰকাশৰ অনুষ্ঠানত দলৰ সভাপতিৰ পদ এৰাৰ ঘোষণা কৰে নেতাগৰাকীয়ে।

শিৱসেনা, কংগ্ৰেছ আৰু এন চি পিক একত্ৰিত কৰি মহাৰাষ্ট্ৰত মহা বিকাশ আঘাদী চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল প্ৰবীণ নেতাগৰাকীয়ে। ৰাজনৈতিক বুদ্ধিমত্তাৰ বাবে পৰিচিত শাৰদ পাৱাৰে চাৰি দশকৰো অধিক সময় ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

পদত্যাগৰ কথা জনাই পাৱাৰে কয়, ‘বিগত ছয় দশক ধৰি মহাৰাষ্ট্ৰৰ মানুহে মোক যি মৰম আৰু সমৰ্থন দিছে, সেয়া পাহৰিব নোৱাৰি। কিন্তু এতিয়া নতুন প্ৰজন্মক স্থান এৰি দিয়াৰ সময় আহিছে।’

লগতে কৰ্মী–সমৰ্থকসকলক আশ্বস্ত কৰি পাৱাৰে কয়, মই আপোনালোকৰ সৈতেই আছো। কিন্তু এনচিপি প্ৰধান হিচাপে নহয়। অজিত পাৱাৰেও দাবী কৰে, দলৰ পৰৱৰ্তী সভাপতি শাৰদ পাৱাৰৰ অভিভাৱকত্বতে কাম কৰিব।

পাৱাৰৰ এই ঘোষণা অৱশ্যে মানি ল’ব পৰা নাই দলৰ কৰ্মী,সমৰ্থকসকলে। ভৱিষ্যতে দল কোন পথেৰে আগুৱাব, সেয়া ঠিক কৰিবলৈ দলৰ জ্যেষ্ঠ নেতাসকলক লৈ পেনেলো প্ৰস্তুত কৰি দিছে পাৱাৰে। বহুতেই এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে পাৱাৰক অনুৰোধ কৰিবলৈ আৰম্ভ কৰিছে যদিও অৱশ্যে নিজৰ সিদ্ধান্ত সলনি কৰা নাই পাৱাৰে।

দলৰ অন্যতম পুৰণি নেতা প্ৰফুল্ল পেটেলে জনায়, এই ঘোষণাৰ পূৰ্বে কাকো কোনো কথা জনোৱা নাই শাৰদ পাৱাৰে। এন চি পিৰ নেতৃত্বৰ পৰা তেওঁৰ অৱসৰ লোৱাৰ ফলত দল আৰু ৰাজ্যৰ বিৰোধী ৰাজনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব বুলি আশা কৰিছে দেশৰ ৰাজনৈতিক মহলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply