নিউজ ডেস্ক- বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিলম্বিত এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰাই বিচৰা অন্তৱৰ্তী জামিন আবেদন অগ্ৰাহ্য কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰাই অন্তৱৰ্তী জামিন বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। সাংসদ অজিত কুমাৰ ভূঞাৰ “সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজি’ৰ দুৰ্নীতিৰ গোচৰত নিলম্বিত হৈছিল এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰা।

তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ গোচৰত অভিযুক্ত এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰাই আগতীয়া জামিন বিচাৰি উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ বুধবাৰে শুনানি আছিল। এই শুনানিৰ সময়ত শৰ্মিষ্ঠা বৰাৰ অধিবক্তাই অন্তৱৰ্তী আগতীয়া জামিন বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল যদিও আদালতে সেই আবেদন নামঞ্জুৰ কৰে।

ৰাজ্য চৰকাৰৰ হৈ লোক ফৰিয়াদী মাখন ফুকনে শৰ্মিষ্ঠা বৰাৰ অগ্রিম জামিনৰ বিৰোধিতা কৰে। উচ্চ ন্যায়লয়ে শৰ্মিষ্ঠা বৰাৰ অন্তৱৰ্তী জামিনৰ আবেদন খাৰিচ কৰি চৰকাৰক ২২ মে’ত গোচৰৰ কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে। সেই দিনাই শর্মিষ্ঠা বৰাৰ আবেদনৰ পৰৱৰ্তী শুনানি হ’ব।

ইতিমধ্যে ৰাজ্য চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এগৰাকী আই এ এছ বিষয়াকে ধৰি চাৰি এ চি এছ বিষয়াক নিলম্বন কৰিছে। নিলম্বিত আই এ এছ বিষয়াগৰাকী হ’ল শেৱালি দেৱী শৰ্মা। নিলম্বন হোৱা এ এচি এছ বিষয়া চাৰিগৰাকী হৈছে কামৰূপ জিলাৰ প্ৰশাসনিক বিষয়া মুনীন্দ্ৰ বৰদলৈ, অসম সচিবালয়ৰ উপ- সচিব শৰ্মিষ্ঠা বৰা, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়া হেমন্ত কুমাৰ দত্ত। উল্লেখযোগ্য যে, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তদন্ত ক্ষীপ্ৰতাৰে অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply