ৰাজকোট – চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি অসমে আৰু এটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আজি ৰাজকোটৰ ছুইমিং পুলত হোৱা মহিলাৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত অংশ লৈ সোণৰ পদক অৰ্জন কৰে অসমৰ শিবাংগী শৰ্মাই। উল্লেখ্য যে চলিত গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত এয়া শিবাংগীৰ দ্বিতীয়টো পদক। আনহাতে, সাঁতোৰত অসমৰ এয়া ষষ্ঠটো পদক জয়ৰ সাফল্য।
প্ৰথমবাৰৰ বাবে দেশৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতা ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লোৱা শিবাংগীয়ে আজি সোণৰ পদক জয়ৰ লক্ষ্যৰে ছুইমিং পুলত নামিছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বে হোৱা মহিলাৰ ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জ পদক অৰ্জন কৰা শিবাংগী নিজৰ প্ৰদৰ্শনক লৈ মুঠেও সন্তুষ্ট হোৱা নাছিল। সেয়ে আজি দ্বিতীয়টো সুযোগ কোনো কাৰণতে অথলে যাব নিদিলে। মহিলাৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ জয়ৰ সপোন লৈ ৫৮.৭৭ ছেকেণ্ডত লক্ষ্যত উপনীত হৈ নিজৰ লগতে ৰাজ্যক দিলে গৌৰৱময় সফলতা। শিবাংগীৰ সোণ জয়ৰ পাছতে চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ সোণৰ পদকৰ সংখ্যা সাতটাকৈ বৃদ্ধি পালে। উল্লেখ্য যে এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ যিসকল খেলুৱৈৰ পৰা ৰাজ্যবাসীয়ে পদক আশা কৰিছিল তাৰভিতৰত অন্যতম আছিল তিনি নবাগত সম্ভৰণবিদ আস্থা চৌধুৰী, শিবাংগী আৰু বিক্ৰম চাংমাই। ৰাজ্যবাসীৰ প্ৰত্যাশা পূৰ্ণ কৰি ৰাজকোটা ছুইমিং পুলত গৌৰৱ অৰ্জন কৰিছে শিবাংগী আৰু বিক্ৰম চাংমাইয়ে। ৰাজ্যবাসীৰ প্ৰত্যাশা পূৰ্ণ কৰি ৰাজকোটৰ ছুইমিং পুলত গৌৰৱ অৰ্জন কৰিছে অসমৰ সন্তৰণবিদে। আস্থাই নতুন অভিলেখ গঢ়ি এটা সোণ আৰু এটা ৰূপ লাভ কৰাৰ বিপৰীতে বিক্ৰমে দুটা ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। আজি শিবাংগীয়েও স্বৰ্ণ জয় কৰি ৰাজ্যবাসীৰ প্ৰত্যাশা পূৰণ কৰিলে।

ইফালে, অসমৰ প্ৰতিভাধান চাইক্লিষ্ট চয়নিকা গগৈয়ে চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত নিজৰ দ্বিতীয়টো পদক জয়ৰে ৰাজ্যলৈ গৌৰৱময় সফলতা কাঢ়িয়াই আনিছে। উল্লেখ্য যে এসপ্তাহ পূৰ্বে নতুন দিল্লীত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ চাইক্লিং ইভেন্টত ৰূপৰ পদক জয় কৰি আত্মবিশ্বাসেৰে আহমেদাবাদলৈ অহা চয়নিকাই আজি ইয়াতো নিজৰ অনবদ্য প্ৰদৰ্শনৰে পদক জয় কৰিবলৈ সক্ষম হয়। আজি অনুষ্ঠিত হোৱা মহিলাৰ ৮৫ কিলোগ্ৰাম শাখাৰ ৰ’ড ৰেছত চয়নিকাই পুনৰ ৰূপৰ পদক অৰ্জন কৰে। এই শাখাতে মণিপুৰৰ মনোৰমা দেৱীয়ে ৰূপ আৰু ব্ৰঞ্জ মহাৰাষ্ট্ৰৰ পূজা বালনে অৰ্জন কৰে।

উল্লেখ্য যে কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াত এয়া অসম কন্যাৰ দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে চয়নিকাই নতুন দিল্লীত হোৱা মহিলাৰ ১০ কিলোমিটাৰ স্কেট ৰেছত ৰূপৰ পদক দখল কৰিছিল। উল্লেখ্য যে এছিয়ান চাইন্সিং প্ৰতিযোগিতাত পদক জয়েৰে ঐতিহাসিক সফলতা লাভ কৰা দেশৰ নৱাগতা চাইক্লিষ্ট চয়নিকাৰ চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰদৰ্শন অসমৰ চাইক্লিষ্টৰ বাবেই এক নতুন আশা-প্ৰেৰণা। চয়নিকাৰ ধাৰাবাহিক ৰাষ্ট্ৰীয় আন্তৰ্জাতিক সফলতাই নতুন উৎসাহ দিব ৰাজ্যৰ নৱাগত চাইক্লিষ্টসকলক। ইফালে, চয়নিকাৰ আজিৰ ৰূপ জয়ৰ পাছত অসমৰ পদক জয়ৰ সংখ্যা বৃদ্ধি হৈছে ১৮ টালৈ। উল্লেখ্য যে অসমে চলিত গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত এতিয়ালৈকে সাতটা সোণ, আঠটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক জয় কৰিছে। ইয়াতো নিজৰ অনবদ্য প্ৰদৰ্শনৰে পদক জয় কৰিবলৈ সক্ষম হয়। আজি অনুষ্ঠিত হোৱা মহিলাৰ ৮৫ কিলোগ্ৰাম শাখাৰ ৰ’ড ৰেছত চয়নিকাই পুনৰ ৰূপৰ পদক অৰ্জন কৰে। এই শাখাৰ সোণ মণিপুৰৰ মনোৰোমা দেৱী আৰু ব্ৰঞ্জ মহাৰাষ্ট্ৰৰ পূজা বালনে অৰ্জন কৰে। উল্লেখ্য যে কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াত এয়া অসম কন্যাৰ দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে চয়নিকাই নতুন দিল্লীত হোৱা মহিলাৰ ১০ কিলোমিটাৰ স্কেট ৰেছত ৰূপৰ পদক দখল কৰিছিল। উল্লেখ্য যে এছিয়ান চাইক্সিং প্ৰতিযোগিতাত পদক জয়বে ঐতিহাসিক সফলতা লাভ কৰা দেশৰ নবাগত চাইক্লিষ্ট চয়নিকাৰ চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰদৰ্শন অসমৰ চাইক্লিঙৰ বাবেই এক নতুন আশা-প্ৰেৰণা। চয়নিকাৰ ধাৰাবাহিক ৰাষ্ট্ৰীয় আন্তৰ্জাতিক সফলতাই নতুন উৎসাহ দিব ৰাজাৰ নৱাগত চাইক্লিষ্টসকলক। ইফালে, চয়নিকাৰ আজিৰ ৰূপ জয়ৰ পাছত অসমৰ পদক জয়ৰ সংখ্যা বৃদ্ধি হৈছে ১৮ টালৈ । উল্লেখ্য যে অসমে চলিত গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত এতিয়ালৈকে সাতটা সোণ, আঠটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক জয় কৰিছে।
ইফালে, আজি অসমৰ মহিলা ফুটবল দলে মনিপুৰৰ বিৰুদ্ধে ছেমিফাইনেল খেলে যদিও ৫-০ গ’লত পৰাস্ত হয়। এতিয়া ব্ৰঞ্জ পদকৰ বাবে অসমৰ মহিলা ফুটবল দল মুখামুখি হ’ব এড়িছা আৰু তামিলনাডুৰ মাজত হ’বলগা আনখন ছেমিফাইনেলৰ বিজয়ীৰ বিৰুদ্ধে।