গুৱাহাটী : বেয়া ফলাফলৰ কাৰণ জনাব লাগিব শিক্ষা বিভাগক। হাই স্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল হোৱা শিক্ষানুষ্ঠান সমূহে শিক্ষা বিভাগক বেয়া ফলাফলৰ কাৰণ জনাব লাগিব। ১০২ খন শিক্ষানুষ্ঠানলৈ কৈফিয়ৎ তলব ৰাজ্যৰ শিক্ষা বিভাগৰ।

এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অতিকৈ বেয়া অৱস্থা পৰিলক্ষিত হৈছে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ। কেইবাখনো চৰকাৰী বিদ্যালয়ৰ পৰা এইবাৰ এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম নহ’ল হাই স্কুল শিক্ষান্ত পৰীক্ষাত। এই বেয়া ফলাফলৰ কাৰণ জনাব লাগিব এই বিদ্যালয় সমূহে।

লগতে পঢ়ক –  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, দ খাৱৈত সোমাল বিলাহী বাহন

হাই স্কুল শিক্ষান্ত পৰীক্ষাত পদৰ্শন বেয়া হোৱা ১০২ খন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক তথা মুৰব্বীক অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে কৈফিয়ৎ তলব কৰিছে। এই বিদ্যালয় সমূহে ৭ দিনৰ ভিতৰত উত্তৰ দিব লাগিব শিক্ষা বিভাগক। এই ১০২ খন বিদ্যালয়ৰ ভিতৰত ২৫ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ শূন্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply