নিউজ ডেস্ক: ৬ জুনত ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙ আৰু জাৰ্মানীৰ ফেডাৰেল প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট’ৰিয়াছ নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে চলি থকা দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা কাৰ্য্যকলাপৰ পৰ্যালোচনা কৰাৰ লগতে ঔদ্যোগিক অংশীদাৰিত্বৰ সন্ধান কৰে।

উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ দুটা প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰত জাৰ্মানীয়ে বিনিয়োগৰ সম্ভাৱনাকে ধৰি প্ৰতিৰক্ষা উৎপাদন খণ্ডত মুকলি হোৱা সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগে জাৰ্মান প্ৰতিৰক্ষা উদ্যোগৰ যোগান শৃংখলত অংশগ্ৰহণ কৰিব পাৰে আৰু পৰিৱেশ তন্ত্ৰত মূল্য সংযোজন কৰিব পাৰে, ইয়াৰ উপৰিও যোগান শৃংখলৰ স্থিতিস্থাপকতাত অৰিহণা যোগাব পাৰে।

ভাৰত আৰু জাৰ্মানীৰ ২০০০ চনৰ পৰা কৌশলগত অংশীদাৰিত্ব আছে, যিটো ২০১১ চনৰ পৰা চৰকাৰৰ মুৰব্বী পৰ্যায়ত আন্তঃচৰকাৰী পৰামৰ্শৰ জৰিয়তে শক্তিশালী কৰা হৈছে। ২০১৫ চনৰ পিছত জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। জাৰ্মানীৰ ফেডাৰেল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে যোৱা ৫ জুনত ৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply