নিউজ ডেস্ক: অসমৰ লেডি সিংঘম খ্যাত SI জোনমণি ৰাভা আৰু নাই।

জখলাবন্ধাত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হৈ কৰুণ মৃত্যু সাৱতি লগীয়া হয়।

উক্ত ঘটনাটো নিশা প্ৰায় ২ মান বজাত সংঘটিত হয়।

জানিব পৰা অনুসৰি, জোনমণি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো হয়।

ইফালে, বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী UP 78 UT 4518 নম্বৰৰ ট্ৰাকত খুন্দা মৰাৰ ফলতেই অসম আৰক্ষীৰ সাহসী SI জোনমণি ৰাভাৰ মৃত্যু হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত পুৱতি নিশাই নগাঁৱৰ SP লীনা দলে ঘটনাস্থলীত উপস্থিত হয়।

জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, SI জোনমণি ৰাভা বৰ্তমান নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে SI জোনমণি ৰাভা দায়িত্ব আছিল।

লগতে পঢ়ক – কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ আদালতৰ চমন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply