গুৱাহাটী : তিনি দিন ধৰি জেৰাৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় এছ আই জোনমণি ৰাভাক। গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰা হ’ল বিতৰ্কিত এছ আই জোনমণি ৰাভাক। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে এছ আই জোনমণি ৰাভাক চাকৰিৰ পৰা নিলম্বন কৰিছে।
অসম আৰক্ষীৰ বিতৰ্কিত এছ আই জোনমণি ৰাভাক অৱশেষত চাকৰিৰ পৰাও নিলম্বন কৰা হ’ল। নগাঁৱৰ আৰক্ষী অধীক্ষকে এক নিৰ্দেশযোগে প্ৰৱঞ্চনাৰ অভিযুক্ত বিতৰ্কিত এছ আই জোনমণি ৰাভাক চাকৰিৰ পৰা নিলম্বন কৰিছে। শনিবাৰে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জোনমণি ৰাভাক।
লগতে পঢ়ক – পৃথিৱীৰ পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পক্ষীৰ অস্তিত্ব সংকটত
প্ৰৱঞ্চনাৰ অভিযুক্ত এছ আই জোনমণি ৰাভাক গড়মূৰ আৰক্ষীয়ে তিনি দিন ধৰি জেৰা চলাই অৱশেষত শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছতে জোনমণি ৰাভাক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি আদালতত হাজিৰ কৰিছিল। আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে জোনমণি ৰাভাক।