গুৱাহাটী : শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পুত্ৰ প্ৰথম বিভাগত উত্তীৰ্ণ। অখিল গগৈৰ পুত্ৰ নাচিকেতাই এটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। নাচিকেতা জাতীয় বিদ্যালয়ৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
মঙলবাৰে ঘোষণা কৰা হয় হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাত ঘোষণা কৰা হয় ফলাফল। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পুত্ৰ নাচিকেতা। অখিল গগৈৰ পুত্র নাচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।
লগতে পঢ়ক – বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত
এটা বিষয়ত লেটাৰ লাভ কৰিছে অখিল গগৈৰ পুত্ৰ নাচিকেতাই। ৬৩ শতাংশ নম্বৰ লাভ কৰা নাচিকেতা জাতীয় বিদ্যালয়ৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পুত্ৰৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পিতৃ অখিল গগৈ।