নিউজ ডেস্কঃ পৃথিৱীলৈ প্ৰথমবাৰৰ বাবে মঙলগ্ৰহৰ পৰা প্ৰেৰণ সংকেত বাৰ্তা লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত সংকেতটো মঙলগ্ৰহৰ কক্ষপথত প্ৰদক্ষিণ কৰি থকা ইউৰোপীয় মহাকাশ সংস্থাৰ এক্সোমাৰ্চ ট্ৰেচ গেছ অৰ্বিটাৰ (টিজিঅ’)ৰ পৰা এক বাৰ্তা প্ৰেৰণ কৰা হৈছিল।

২৪ মে’ৰ নিশা ৯ বজাত টিজিঅ’য়ে প্ৰেৰণ কৰা বাৰ্তাটো ১৬ মিনিটৰ পিছত পৃথিৱীত সংকেতটো লাভ কৰিছিল। ‘এ চাইন ইন স্পেচ’ প্ৰকল্পৰ অধীনত কৰা এই পৰীক্ষাটোত পশ্চিম ভাৰ্জিনিয়াৰ গ্ৰীণ বেংক টেলিস্কোপ, ইটালীৰ মেডিচিনা ৰেডিঅ’ এষ্ট্ৰোনমিকেল ষ্টেচন, কেলিফৰ্ণিয়াৰ এলেন টেলিস্কোপ এৰে আৰু নিউ মেক্সিকোৰ ভেৰী লাৰ্জ এৰেয়ে সংকেত টো লাভ কৰিছিল।

এই প্ৰকল্প পৰীক্ষণটোৰ মূল উদ্দেশ্য আছিল যে, আন গ্ৰহৰ পৰা যদি সংকেত প্ৰেৰণ কৰা হয় তেনেহ’লে পৃথিৱীত ইয়াৰ প্ৰাপ্ত হ’ব নেকি তাক চাবলৈ ইয়াক কৰা হৈছে।

পিছে বৰ্তমানলৈকে টিজিঅ’ৰ পৰা কি বাৰ্তা প্ৰেৰণ কৰা হৈছিল তাক বৰ্তমানলৈকে জানিবলৈ সক্ষম হোৱা নাই। যাৰ বাবে এতিয়া বিজ্ঞানী সকলে মঙ্গলগ্ৰহৰ পৰা প্ৰেৰণ কৰা সংকেতটো ডিকোড কৰিবলৈ মানৱ সহায় বিচাৰিছে। বিজ্ঞানী সকলে কয়, ডিক’ডিং প্ৰক্ৰিয়াই পৃথিৱীলৈ প্ৰেৰণ কৰা সংকেত বাৰ্তাটো কি লিখা আছে সেয়া প্ৰকাশ কৰিব।

লগতে পঢ়ক – SP আনন্দ মিশ্ৰক ধমক, সামাজিক মাধ্যমৰ প্ৰীতি এৰক – হিমন্ত বিশ্ব শৰ্মা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply