নিউজ ডেস্ক– আজি গুৱাহাটীৰ ৰাজভৱনৰ দৰবাৰ হলত প্ৰথমবাৰৰ বাবে অসমত ৪৮ সংখ্যক ছিকিম ৰাজ্যিক দিৱস উদযাপন কৰা হয়।এই অনুস্থানটো গুৱাহাটীৰ ছিকিম হাউচৰ অধীনত পালন কৰা হয়। ছিকিম আৰু অসম দুয়োখন ৰাজ্যৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই অনুষ্ঠানটো উদযাপন কৰা হয়।
উল্লেখ্য যে, অনুষ্ঠানটো নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ প্ৰৱন্ধক অভিষেক লামাই আয়োজন কৰিছিল। এই অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল অৱসৰপ্ৰাপ্ত আইএএচ বিষয়া শ্বেৰিং ৱাই দাস, অৱসৰপ্ৰাপ্ত আইএএচ বিষয়া তথা প্ৰাক্তন ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত এইচ এছ দাস।

অসমৰ ৰাজ্যপালৰ আয়ুক্ত আৰু সচিব আইএএছ এছএছ মীনাক্ষী সুন্দৰমে আদৰণি ভাষণ প্ৰদান কৰে। ছিকিম হাউচ, গুৱাহাটীৰ সহকাৰী আৱাসিক আয়ুক্ত যশোদা চেত্ৰীয়ে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং গোলেৰ বাৰ্তা প্ৰদান কৰে।
লগতে, মুখ্য অতিথিসকলৰ ভিতৰত উপস্থিত আছিল গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘ নিধি দাহাল, চিএনএনৰ প্ৰাক্তন আইবিএন সংবাদদাতা আৰু উত্তৰ-পূব ভাৰতৰ ডিজিটেল সংবাদ মাধ্যম ইষ্টমোজোৰ প্ৰতিষ্ঠাপক কৰ্মা চামটেন পালজোৰ।

তদুপৰি, অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি অসমৰ আৰইআৰএৰ অধ্যক্ষ আইএএছ (অৱসৰপ্ৰাপ্ত) মুখ্য অতিথি শ্বেৰিং ৱাই দাসে কয় যে ভাৰতীয় সংঘৰ বিভিন্ন ৰাজ্যৰ মৰ্যাদা উদযাপনৰ এই অভিনৱ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। বিভিন্ন বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্য্যসূচিৰে অনুষ্ঠানটিৰ সামৰণি পৰে।
