দক্ষিণ শালমাৰা : অসমৰ পশ্চিম প্ৰান্তৰ অসম-বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰত প্ৰতিষ্ঠাপিত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰ আৰু শঙ্কৰী কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে কাইলৈৰ পৰা ২৯ মে’লৈ তিনিদিনীয়া বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন কৰা হ’ব। কাইলৈৰ পৰা মানকাচৰ নামঘৰত ৰূপালী জয়ন্তী উদযাপনৰ বাবে উদযাপক সমিতিয়ে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে।

প্ৰথম আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অন্তত তৃতীয় দিনা নামঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী ৰঞ্জিত দাস আৰু মন্ত্ৰী অতুল বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি আয়োজক সকলে জানিবলৈ দিছে। উল্লেখ্য যে মানকাচৰ নামঘৰত অনুষ্ঠিত হ’বলগীয়া ৰূপালী জয়ন্তী কাৰ্যসূচী মতে কাইলৈ পুৱা ৫ বজাত উষা কীৰ্তন, পুৱা ৭ বজাত ধৰ্ম ধ্বজা উত্তোলন, পুৱা ৮ বজাত নাম প্ৰসংগ আৰু কীৰ্ত্তন, পুৱা ১১ বজাত ভাগৱত পাঠ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

ইয়াৰ পিছত বিয়লি ৩ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আনহাতে বিভিন্ন জিলাৰ পৰা কৰ্মসুত্ৰে বসবাস কৰা জিলাখনৰ টেট শিক্ষক সকলৰ দ্বাৰা বিয়লি ৪ বজাত দিহানাম আৰু নাগাৰা নাম পৰিৱেশন কৰা হ’ব। একেদৰে ২৮ মে তাৰিখে পুৱা ৭ বজাত ভাগৱত শোভাযাত্ৰা, পুৱা ১০ বজাত ভাগৱত পাঠ, বিয়লি ২ বজাত দিহানাম পৰিৱেশন, বিয়লি ৪ বজাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমাজ সংস্কাৰ আন্দোলন আৰু শংকৰদেৱ অধ্যয়নৰ প্ৰাসংগিতা আৰু প্ৰসাৰতাৰ ওপৰত এক চমু আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়া ৬.৩০ বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।

লগতে পঢ়ক – চান্দমাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

আনহাতে ৰূপালী জয়ন্ত্ৰীৰ অন্তিম দিনা অৰ্থাত ২৯ মে তাৰিখে পুৱা ৬ বজাত পুৱাৰ প্ৰসঙ্গ, পুৱা ৭ বজাত অবিৰত ভাগৱত পাঠ, পুৱা ১০.৩০ বজাত বৰ্ণাঢ্য শোভাযাত্ৰা অনুষ্ঠিত হোৱাৰ পাছত দূপৰীয়া প্ৰায়১.৩০ বজাত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হ’ব। তদুপৰি উক্ত দিনা সন্ধিয়া ৬.৩০ বজাত যোৰহাট জনাৰ্দন নাট্য গোষ্ঠীৰ দ্বাৰা দক্ষ যজ্ঞ ভাওনা প্ৰদৰ্শন কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply