ভাৰতত প্ৰথম মে’ দিৱস ১৯২৩ চনৰ ১ মে’ত মাদ্ৰাজৰ সাগৰৰ পাৰত শ্ৰমিক নেতা ছিংগাৰভেলু চেট্টিয়াৰৰ অধ্যক্ষতাত পালন কৰা হয়।
১৯২৩ চনৰ ১ মে’ত ছিংগাৰভেলুৰ অধ্যক্ষতাত “হিন্দুস্তান লেবাৰ কিষাণ পাৰ্টি” গঠন কৰা হয়। সেইদিনা লেবাৰ কিষাণ পাৰ্টিয়ে ভাৰত চৰকাৰক এই পবিত্ৰ দিনটোক বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ বাবে বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনায়।
১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ চিকাগোত মে’ দিৱসৰ ইতিহাস সৃষ্টি হৈছিল। ১৮৮৬ চনৰ মূল দাবী আছিল ৮ ঘণ্টাৰ কাম।
আনহাতে, ১৮৫৬ চনৰ ২১ এপ্ৰিলত অষ্ট্ৰেলিয়াত ৮ ঘণ্টীয়া কৰ্মদিনৰ দাবীত প্ৰথম এদিনীয়া ধৰ্মঘট হৈছিল। ভাৰতত ৮ ঘণ্টীয়া কামৰ দাবীত উদ্যোগিক শ্ৰমিকসকলৰ প্ৰথম ধৰ্মঘট হৈছিল ১৮৬২ চনৰ মে’ মাহত। দিনটোত ৮ ঘন্টা কাম কৰাৰ দাবীত হাওৰা ষ্টেচনত ১২শ ৰে’ল শ্ৰমিকে এই ধৰ্মঘটত যোগদান কৰে। হাওৰা ৰে’ল কৰ্মীৰ এই ধৰ্মঘট সেই ক্ষেত্ৰত দ্বিতীয়টো ধৰ্মঘট।
১৯২৩ চনত ভাৰতত প্ৰথম মে’ দিৱস পালন কৰা হয়। ১৯২৬ চনত বম্বেত শ্ৰমিকসকলে মে’ দিৱস উদযাপন কৰে এক বিশাল শোভাযাত্ৰাৰে। এম এন যোশী আদিয়ে এই শোভাযাত্ৰাত আগৰণুৱা আছিল।
১৯২৭ চনত সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছে প্ৰদেশসমূহক মে’ দিৱস পালন কৰিবলৈ নিৰ্দেশ দিয়ে আৰু সেই আদেশ অনুসৰি দেশৰ ৰাজ্যসমূহৰ আন আন ডাঙৰ চহৰত মে’ দিৱস অতি উৎসাহেৰে পালন কৰা হয়।