হোজাই : নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ চৌদিশে বানপানী। সমান্তৰালকৈ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ কেবাটাও অঞ্চলত বানপানীৰ কবলত পৰিছে। নৌকাৰে যমুনামুখৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি আৱেগিক হৈ পৰে বিধায়ক ছিৰাজুদ্দিন আজমল৷ যমুনামুখ সমষ্টিৰ জংগলব্লক , চাৰ্লক, ভেদৌআটি আদি অঞ্চলৰ কেবাখনো গাঁওৰ ৰাইজ দিশহাৰা হৈ পৰাৰ লগতে জলমগ্ন হৈ পৰিছে কৃষি পথাৰ৷
সম্প্ৰতি ডবকাৰ যমুনামুখত ভয়াবহ বান পৰিস্থিতি। উল্লেখযোগ্য যে যমুনামুখ এৰাকপিলীত যমুনাৰ মথাউৰি চিঙি প্লাৱিত বিস্তীৰ্ণ অঞ্চল।যমুনামুখ-ডবকা সংযোগী গড়কাপ্তানী পথটি পানীৰ তলত৷ যাৰ বাবে বন্ধ হোৱাৰ পথত যোগাযোগ ব্যৱস্থা। ফলত বানাক্ৰান্ত লোকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। গো ধন লৈ ৰাইজে পথৰ উপৰত লৈছে আশ্ৰয়৷ ইতিমধ্যে ডবকা ৰাজহ চক্ৰ বিষয়া ভেদৌআটিত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লৈ হোজাই জিলা উপায়ুক্তক অৱগত কৰা বুলি জনাইছে৷
লগতে পঢ়ক – সৰ্থেবাৰীত নিশা ভয়ংকৰ পথ দুর্ঘটনা : নিহত তিনি
যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলে বানাক্ৰান্ত লোকসকলক সাক্ষাৎ কৰি কয় চিন্তাৰ কাৰণ নাই , আপোনালোকৰ ৰিলিফৰ খাদ্য সামগ্ৰী আদিৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে, ভেদৌ আটি আৰু চাৰ্লক জি পিৰ জংগলব্লক লৈ নাৱেৰে যাত্ৰা কৰি ৰাইজৰ সৈতে বিধায় ছিৰাজুদ্দিন আজমলে মত বিনিময় কৰি অতি কম সময়ৰ ভিতৰত সাহাৰ্য প্ৰদান কৰাৰ হ’ব বুলি জানিবলৈ দিয়ে৷ বান পৰিস্থিতিৰ বুজ লোৱাৰ পিছত বিধায়ক গৰাকীয়ে বানৰ মাজত থিয় হৈ আল্লাহৰ ওচৰত সহায় বিচাৰি দোৱা প্ৰাৰ্থনা কৰে৷