নিউজ ডেস্কঃ প্ৰস্তাৱিত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষৰ পৰাই শুভাৰম্ভ কৰিবলৈ অসম চৰকাৰে ইতিমধ্যেই প্ৰস্তুতি চলাইছে। উক্ত প্ৰস্তুতি সন্দৰ্ভত মঙলবাৰে গুৱাহাটী ছয়মাইলস্থিত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিত এখন বৈঠক অনুষ্ঠিত হৈ যায়।

বৈঠকত উপস্থিত থকা ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনৰ লগতে লোক নিৰ্মাণ (গৃহ) বিভাগৰ আৰ্কিটেক্ট, অসম স্বাস্থ্য আন্তঃগাঁথনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতি (এএইচআইডিএমএছ)ৰ কাৰ্যবাহীৰ সৈতে মন্ত্ৰী কেশৱ মহন্তয়ে নতুন চিকিৎসা মহাবিদ্যালয়খনৰ নক্সাচিত্ৰ তথা স্থাপত্য আৰ্হিৰ বিষয়ত বিস্তাৰিত ভাৱে আলোচনা কৰে।

শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ গৃহৰ লগতে সমগ্ৰ চৌহদ যাতে বিজ্ঞানসন্মত আৰু সেউজ বাতাবৰণৰে সুশোভিত ৰূপত নিৰ্মাণ কৰি তুলিব পৰা যায়, তাৰ বাবে চিকিৎসা শিক্ষা সঞ্চালকালয়, এএইচআইডিএমএছ, লোক নিৰ্মাণ (গৃহ) বিভাগৰ লগতে স্থাপত্য পৰামৰ্শদাতাক বৈঠকত মন্ত্ৰী মহন্তয়ে সকলোকে দিহা দিও। লগতে, এই নতুন চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে অতি কম দিনৰ ভিতৰতে নিবিদা বিষয়ক বিজ্ঞাপন প্ৰকাশ কৰিবলৈ বৈঠকতে লোক নিৰ্মাণ (গৃহ) বিভাগৰ বিষয়াক নিৰ্দেশনাও প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

উক্ত বৈঠকত অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ৰণবীৰ বৰা, যুটীয়া চিকিৎসা শিক্ষা সঞ্চালক ডাঃ ছৈয়দ তনৱীৰ আলম, উপ চিকিৎসা শিক্ষা সঞ্চালকদ্বয় ডাঃ নিতুল শৰ্মা আৰু ডাঃ অভিনন্দা মহন্ত, বিশেষ কৰ্তব্যৰত বিষয়া ডাঃ শিল্পীৰাণী বৰ্মন, এএইচআইডিএমএছৰ জ্যেষ্ঠ প্ৰকল্প প্ৰৱন্ধক বিশ্বদীপ দাস আৰু প্ৰকল্প প্ৰৱন্ধক এম কে পেগু, লোক নিৰ্মাণ (গৃহ) বিভাগৰ ছিনিয়ৰ আৰ্কিটেক্ট জীনত আলম, ডেপুটী আৰ্কিটেক্ট অতনু বৰুৱাৰ লগতে স্থাপত্য পৰামৰ্শদাতা মণীষ চৌহান আৰু অনুৰাগ হাজৰিকাও উপস্থিত থাকে।

লগতে পঢ়ক – চাইবাৰ অপৰাধৰ বিৰুদ্ধে “চি আই ডি” ৰ বিশেষ জাননী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply