নগাঁও : নগাঁৱত নিশা ভয়ংকৰ পথ দুর্ঘটনা। গুৱাহাটীৰ পৰা হোজাইলৈ যাত্ৰীলৈ গৈ থকা ট্ৰেভেলাৰ দুর্ঘটনাগ্ৰস্ত। ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰত বাগৰি পৰে ট্ৰেভেলাৰখন।আহত ৬ জনকৈ লোক।
শনিবাৰে নিশাৰ ভাগত নগাঁৱৰ শেনচোৱাত এক ভয়ংকৰ পথদুর্ঘটনা সংঘটিত হয়। এই ভয়ংকৰ পথ দুর্ঘটনাত ৬ জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। নিশা গুৱাহাটীৰ পৰা হোজাইলৈ যাত্ৰীবাহী এখন ট্ৰেভেলাৰ হৈ থকা অৱস্থাত শেনচোৱাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰত বাগৰি পৰে।
লগতে পঢ়ক – পশ্চিম নলবাৰীৰ পখুৰাত বানাক্ৰান্তৰ মাজত অংগৰাগ পাপন মহন্ত
দুর্ঘটনাগ্ৰস্ত এএছ-০১-জিচি-৩৮৪১ নম্বৰৰ ট্ৰেভেলাৰখনৰ পৰা আৰক্ষী আৰু স্থানীয় ৰাইজে আহত যাত্ৰী সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত সকলৰ ভিতৰত ৬ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত লোক ৬ জন হৈছে শঙ্কৰ দাস, বিশ্বজিৎ দাস, জালাল উদ্দিন, আব্দুল হান্নান, দিলোৱাৰ হুছেইন আৰু জমিল হুছেইন।