গুৱাহাটী : উৰিষ্যাৰ ভূৱনেশ্বৰত চলি থকা ৪৮ সংখ্যক জুনিয়ৰ নেশ্বনেল একুৱাটিক চেম্পিয়নশ্বিপত দুৰ্দান্ত প্ৰদৰ্শনেৰে ছয়টাকে পদক অৰ্জনেৰে অসমৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে অংশুমান কাশ্যপে৷ ১৪ বছৰ অনুৰ্ধ লৰাৰ দ্বিতীয় গ্ৰুপত মঙলবাৰৰ দিনটোলৈকে অংশুমান কাশ্যপে পাঁচটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে৷ ইয়াৰ ভিতৰত চাৰিটা ব্যক্তিগত আৰু দুটা দলীয় ইভেন্টত৷
লৰাৰ ৫০ মিটাৰ আৰু ১০০ মিটাৰ ফ্ৰিষ্টাইলত ৰূপ আৰু ২০০ মিটাৰ ফ্ৰিষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে ৪×১০০ আৰু ৪×২০০ ফ্ৰিষ্টাইল ৰীলেত ৰূপৰ পদক জয় কৰে অসমৰ অংশুমান কাশ্যপে। ইফালে বুধবাৰে এটা ইভেণ্টৰ প্ৰতিযোগিতাত নামিবলৈ বাকী থকা অংশুমান কাশ্যপে ২০০ মিটাৰ ইণ্ডিভিজুৱেল মেডলেত ৰূপৰ পদক লাভ কৰি বৰ্তমানলৈকে অসম দলৰ বেছি পদকজয়ী প্ৰতিযোগী হিচাপে পৰিগণিত হৈছে৷
স্মৰ্ত্তব্য, ২০১৮ বৰ্ষত হাৰিয়ানাৰ চনিপটত অনুস্থিত তৃতীয় সংখ্যক এচ এফ আই ৰাষ্ট্ৰীয় ক্লাৱ মীট সাঁতোৰ প্ৰতিযোগিতাত ব্যক্তিগত শাখাৰ ৫০ মিটাৰ ফ্ৰী ষ্টাইল, ৫০ মিটাৰ বেক ষ্ট্ৰক আৰু ৫০ মিটাৰ বাটাৰ ফ্লাইত সোণ, ৫০×৪ ফ্ৰী ষ্টাইল ৰিলে আৰু ৫০×৪ ইণ্ডিভিজুবেল মেদলিত ৰূপৰ পদক অৰ্জনেৰে শ্ৰেষ্ঠ সাঁতোৰবিদৰ সন্মান লাভ কৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিছিল অংশুমান কাশ্যপ।
লগতে পঢ়ক – Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
কৃষি বিপনন পৰিষদৰ পৰিদৰ্শক পংকজ তামুলী আৰু দেৱজ্যোতি ওজা তামূলীৰ একমাত্ৰ সন্তান তথা যোৰহাট বাঘচোং ডনবস্কৰ নৱম শ্ৰেণীৰ ছাত্ৰ অংশুমান কাশ্যপে ৫ বছৰ বয়সৰ পৰাই যোৰহাট চুইমিং চচাইটিত নিয়মীয়াকৈ সাঁতোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।