যোগীঘোপা : শিশু অপহৰণকাৰী তিনি অপৰাধীক ৬ বছৰৰ কাৰাদণ্ড। উত্তৰ শালমাৰা ন্যায়িক দণ্ডাধীশ আদালতে এই ৰায়দান প্ৰদান কৰে। তিনি অপহৰণকাৰীৰ ভিতৰত আছে দুগৰাকী মহিলা।
উত্তৰ শালমাৰা ন্যায়িক দণ্ডাধীশ আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। আদালতে এটি শিশুৰ আহৰণৰ লগত জড়িত তিনি অপৰাধীক ৬ বছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছে। ২০১৫ চনত এটি শিশুক অপহৰণ কৰিছিল।
লগতে পঢ়ক – কদৰ্যময়: সাংবাদিকৰ ষ্টিং অপাৰেচনত ধৰা পৰিছে নগাঁৱৰ এটা বেকাৰী ফেক্টৰীৰ চৰম অস্বাস্থ্যকৰ পৰিৱেশ
তিনি অপৰাধীয়ে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পৰা এটি শিশুক অপহৰণ কৰি ৪০ হাজাৰ টকাৰ মুক্তিপণ দাবী কৰিছিল। শিশুটিৰ পৰিয়ালৰ এজাহৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে দুগৰাকী মহিলাসহ তিনি অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছিল।