তামুলপুৰ : তামুলপুত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এজন লোকক পত্নী আৰু পুত্ৰই হত্যা কৰাৰ অভিযোগ। ইতিমধ্যে আটক কৰা হৈছে নিহত লোকজনৰ পত্নী আৰু পুত্ৰক। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।
তামুলপুৰ জিলাৰ বৰঘূলীত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। এজন লোকক লোকজনৰ পত্নী আৰু পুত্ৰই মিলি হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। বৰঘূলীৰ ছৈয়দ আলী নামৰ লোকজনক পত্নী ৰুনুমা বেগম আৰু পুত্রই হত্যা কৰাৰ অভিযোগ উথাপিত হৈছে।
পাৰিবাৰিক কন্দলৰ ফলতে এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকজনৰ পত্নী আৰু পুত্ৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক – শিৱসাগৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰেইকি চিকিৎসা পদ্ধতিৰ শিবিৰ
এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে। আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃতি ঘটনা পোহৰলৈ আহিব।