বৰপেটা : বৰপেটা জিলাৰ সৰভোগত চাঞ্চল্যকৰ ঘটনা। ঘৰ জোঁৱাইয়ে দাৰে আক্ৰমণ কৰিলে
শাহুৱেকক। ঘৰ জোঁৱাই ভাস্কৰ দাসে সুৰাৰ ৰাগীত মাতাল হৈ দাৰে আক্ৰমণ কৰিলে শহুৱেক প্ৰতিমা দাসক।
সোমবাৰে নিশা বৰপেটা জিলাৰ সৰভোগৰ ৯ নং ৱাৰ্ডত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ভাস্কৰ দাস নামৰ এজন লোকে সুৰাৰ ৰাগীত মাতাল হৈ শহুৱেক প্ৰতিমা দাসক দাৰে আক্ৰমণ কৰিলে। ভাস্কৰ দাসে টকা বিচাৰি শাহুৱেক দাৰে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ সৌৰশক্তি প্ৰকল্প
দাৰ আক্ৰমণত আহত প্ৰতিমা দাসক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ইফালে আক্ৰমণৰ পিছৰে পৰা পলাতক অৱস্থাত আছে ভাস্কৰ দাস। পূৰ্বেও সুৰাৰ ৰাগীত মাতাল হৈ ভাস্কৰ দাসে পত্নী আৰু শাহুৱেকক আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে।