নলবাৰী : নলবাৰীত পুত্ৰই হত্যা কৰিলে পিতৃক। জ্যেষ্ঠ ভাতৃৰ চোকা অস্ত্ৰৰ ঘাপত কনিষ্ঠ ভাতৃ গুৰুত্বৰভাৱে আহত। পিতৃক হত্যা কৰি পুত্ৰই বিষ পান কৰি আত্মহত্যাৰ অপচেষ্টা।
নলবাৰীত ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি সংঘটিত হোৱা এক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণ মতে পুৱা নলবাৰীৰ অন্তৰ্গত দিহজাৰী গাঁও নিৱাসী লক্ষ্যশ্বৰ বৈশ্যৰ ঘৰুৱা বিবাদ ফলত জ্যেষ্ঠ পুত্ৰ জয়ন্ত বৈশ্যই চোকা অস্ত্ৰৰে পিতৃ আৰু কনিষ্ঠ ভাতৃ বাপুকন বৈশ্যক আঘাত কৰে।
আঘাতপ্ৰাপ্ত দুয়ো গৰাকীকে ততাতিয়াকৈ উত্তৰ গুৱাহাটী নাৰায়না হাস্পতালত নিয়া হয় যদিও পিতৃ লক্ষেশ্বৰ বৈশ্যৰ মৃত্যু হয় আৰু সৈন্য বাহিনীত কৰ্মৰত ভাতৃ বাপুকন বৈশ্য চিকিৎসাধীন হৈ আছে। নিচাযুক্ত দ্ৰব্য সেৱন কৰা জয়ন্ত বৈশ্যৰ পত্নী আৰু পুত্ৰ সন্তান এটাও আছে।
লগতে পঢ়ক – গুৱাহাটী পৌৰ নিগম নিৰ্বাচন : আম আদমি পাৰ্টীৰ বিশাল ৰোড শ্ব
ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি পিতৃক হত্যা আৰু ভাতৃক হত্যাৰ চেষ্টা কৰি জয়ন্ত বৈশ্যই নিজেও বিষপান কৰি আত্মহত্যাৰ অপচেষ্টা কৰে। পাগলদিয়া ঘাটত অচেতন অৱস্থাত আৰক্ষীৰয়ে ৰোধ নকৰি জয়ন্ত বৈশ্যক শ্বহীদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।