মানকাচৰ : মানকাচৰত চাঞ্চল্যকৰ ঘটনা। মানকাচৰত পুত্ৰৰ লাঠিৰ কোৱত প্ৰাণ গ’ল পিতৃৰ। মানকাচৰৰ সুখচৰত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত সুখচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুত্ৰই লাঠিৰে কোৱাই হত্যা কৰিলে পিতৃক। পুত্ৰৰ লাঠিৰ কোৱত নিহত হোৱা লোকজনৰ নাম কৰিম বক্স।
আব্দুল বাতেন নামৰ যুৱকজনে নিজ পিতৃক লাঠিৰে মূৰত কোৱাই হত্যা কৰে। সুৰাপান কৰি যুৱকজনে নিজৰ কণমানি পুত্ৰক প্ৰহাৰ কৰি আছিল। নাতিয়েকক প্ৰহাৰ কৰা দেখি পুত্ৰ আব্দুল বতেনক বাধা দিছিল পিতৃয়ে।
লগতে পঢ়ক – সোণাৰিত পকী দলং নিৰ্মাণত ঠিকাদাৰৰ গাফিলতিৰ অভিযোগ
পিতৃয়ে বাধা দিয়াৰ বাবে যুৱকজনে পিতৃকো লাঠিৰে মূৰত কোৱ মাৰে। ফলত মৃত্যু হয় কৰিম বক্স নামৰ লোকজনৰ। পিতৃ হত্যাকাৰী আব্দুল বতেন বৰ্তমান পলাতক অৱস্থাত আছে।