বঙাইগাঁও : বঙাইগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁৱত চোকা অস্ত্ৰৰে ঘপিয়াই পুত্ৰই হত্যা কৰিলে মাতৃক। আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পুত্ৰক।
বঙাইগাঁও জিলাৰ বিদ্যাপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পুত্ৰই চোকা অস্ত্ৰৰে ঘপিয়াই মাতৃক হত্যা কৰাৰ কেন্দ্ৰ কৰি বিদ্যাপুৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মঙলবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা।
লগতে পঢ়ক – অবৈধ কাঠ ফলা মিলৰ পৰা জব্দ ৫ লাখ টকাৰ কাঠৰ কুণ্ডা
মনজিৎ বৰ্মন নামৰ এজন যুৱকে নিজ মাতৃ থানেশ্বৰী বৰ্মনক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী মনজিৎ বৰ্মনক আটক কৰিছে। জানিব পৰা মতে মনজিৎ বৰ্মন সুৰাসক্ত।