নিউজ ডেস্ক: সোণাৰিত সংঘটিত হৈছে এক ভয়ানক কাণ্ড। পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে নিজ পিতৃয়ে। সোণাৰি চাহ বাগিছাত এগৰাকী পুত্ৰই পিতৃক হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে।
শনিবাৰে নিশা সোণাৰিৰ মঞ্জুশ্ৰী চাহ বাগিচাত পাৰিবাৰিক বিবাদক লৈ গুলী ওৰাং ওৰফে এণ্টনি নামৰ যুৱকজনে পিতৃক হত্যা কৰিছিল।
অপৰাধ সংঘটিত কৰাৰ পিছত অভিযুক্ত এণ্টনি পলাতক অৱস্থাত আছিল যদিও দেওবাৰে আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।
নিহত লোকজনৰ নাম পুন্য ওৰাং বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে।