মানুহক সহায় কৰি ভাল পোৱা অভিনেতা চনু সুদে ২০২২ বৰ্ষত মুঠ ১০,১১৭ গৰাকী লোকৰ জীৱন ৰক্ষা কৰে। এই কথা নিজেই ফেচবুক যোগে চনু সুদে নৱবৰ্ষৰ শুভেচ্ছা জনাই সদৰী কৰে। যিসলক সহায় কৰিব নোৱাৰিলে তেওঁলোকৰ পৰা তেওঁ ক্ষমাও বিচাৰে।
উল্লেখ্য় যে চনু সুদে বহুতক সহায়ৰ হাত আগবঢ়োৱাৰ মাজতে অসমৰ ৰাজু আলিক দুখন কৃত্ৰিম হাত লগাই দিয়াত সহায় কৰিছিল। এই বিষয়ে সুদে ফেচবুকত লিখিছিল যে – “দায়িত্ব আছিল, পালন কৰিলো”।
উল্লেখ্য় যে ক’ভিড মহামাৰীৰ সময়ৰে পৰা বহু অসহায় লোকক সহায় কৰা ভাৰতবাসীয়ে দেখি আহিছে। যাৰ বাবে তেওঁক সময়ে সময়ে বহু অনুষ্ঠানে বিভিন্ন আকৰ্ষণীয় ধৰণেৰে ধন্য়বাদ জ্ঞাপন কৰা পৰিলক্ষিতও হৈছে।