হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ উপায়ুক্তৰ সংবাদমেল। ২০২৩ চনৰ ভোটাৰ তালিকা প্ৰকাশ কৰাৰ বাবে শনিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্ত পল্লৱী সৰকাৰে এক সংবাদ মেলৰ আয়োজন কৰে। জিলাখনৰ প্ৰাপ্তবয়স্ক লোক সকলক ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত পল্লৱী সৰকাৰে নতুন ভোটাৰ তালিকাক লৈ এক সংবাদ মেলাৰ আয়োজন কৰে। এই সংবাদমেলৰ জৰিয়তে উপায়ুক্ত গৰাকী কয় যে বৰ্তমান জিলাখনৰ দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিত মুঠ ৫৩৩ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে। জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ৪,২৬,৫৮৯ গৰাকী। প্ৰাপ্তবয়স্ক লোক সকলে অহা ৪ আগষ্টৰ পৰা নিজৰ নাম ভোটাৰ তালিকাত অনলাইন আৰু অফলাইন যোগে অন্তৰ্ভুক্ত কৰিব পাৰিব বুলিও কয় উপায়ুক্ত গৰাকীয়ে।

লগতে পঢ়ক – মঙলদৈৰ নিজ মোগলবেচাত মৃতদেহ উদ্ধাৰ

অহা ৯ নৱেম্বৰ তাৰিখে জিলাখনৰ দুই সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব। আনহাতে খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিছত ৯ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ ভোটাৰ সকলে ওজাৰ আপত্তিৰ কাম কৰিব পাৰিব। ২০২৩ চনৰ ৫ জানুৱাৰী তাৰিখে পূৰ্ণ ভোটাৰ তালিকাখন প্ৰকাশ কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলৰ জৰিয়তে জানিবলৈ দি কয় যে ইতিমধ্যে ১৭ বছৰ সম্পূৰ্ণ হোৱা যুৱক-যুৱতী সকলেও ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আগতীয়াকৈ আবেদন কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply