মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বান পৰিস্থিতিৰ বুজ ললে জিলা প্ৰশাসনে। ভাৰত-বাংলাদেশ সীমান্তৰ লগতে মানকাচৰৰ অস্থায়ী আশ্ৰয় শিবিৰত উপায়ুক্তৰ নেতৃত্বত বানাক্ৰান্তৰ স্বাস্থ্য পৰীক্ষা কৰিলে চিকিৎসকে। পাঁচটা আশ্ৰয় শিবিৰত বান সাহায্য প্ৰদানৰ নিৰ্দেশ জিলা উপায়ুক্তৰ।
মেঘালয়ৰ গাৰো পাহাৰৰ বৰষুণৰ পানীয়ে মানকাচৰৰ বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই ইতিমধ্যে জিলাখনৰ ৪৭ খন ৰাজহ গাঁও বানৰ কবলত পৰিছে। জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰি ৭০ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে। বিশেষকৈ চুবুৰীয়া মেঘালয়ৰ পানীৰ ঢলে মানকাচৰ পূৰ্বাঞ্চলৰ লগতে ভাৰত-বাংলাদেশ সীমান্তবৰ্তী এলেকাত বিস্তাৰ ক্ষতি সাধন কৰিছে।
পানীৰ ঢলে ঘৰ-দুৱাৰ উটুৱাই নিয়া ১৬ টা পৰিয়ালৰ লগতে শতাধিক বানাক্ৰান্ত লোক চৰকাৰী শিক্ষানুষ্ঠানত বিগত প্ৰায় দুই সপ্তাহ ধৰি আশ্ৰয় লৈ আছে। এই অস্থায়ী আশ্ৰয় শিবিৰত দেওবাৰে জিলা উপায়ুক্ত পল্লৱী সৰকাৰৰ লগতে জিলা অতিৰিক্ত উপায়ুক্ত, মানকাচৰ ৰাজহ চক্ৰ বিষয়াকে ধৰি চিকিৎসকৰ দল এটা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ পাঁচ বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলা সকলক স্বাস্থ্য পৰীক্ষা কৰে। আনহাতে জিলা উপায়ুক্ত গৰাকীয়ে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া ততাঁৰৰ বেৰ পৰিদৰ্শন কৰি সীমান্তৰ পৰিস্থিতিৰ বুজ লয়।
লগতে পঢ়ক – চুতীয়া জাতিকলৈ অপমানসূচক মন্তব্য কৰা যুৱকক গ্ৰেপ্তাৰ
গাৰো পাহাৰৰ পানীৰ ঢলে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। পানীৰ ফলত যাতে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ আৰু সীমান্ত পথ যাতে উটি নাযায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে। একেদৰে অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা লোক সকলক তৎকালীনভাৱে বান সাহায্য প্ৰদানৰো নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে।