মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অপৰিবৰ্তিত বান পৰিস্থিতি। ভাৰত-বাংলাদেশ সীমান্তসহ দুই শতাধিক গাঁও পানীত তলত। বানৰ কবলত কেইবাটাও বি এছ এফ কেম্প। চৰকাৰী বিষয়াৰ সৈতে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে পৰিদৰ্শন কৰিলে সীমান্তবৰ্তী এলেকাৰ বান পৰিস্থিতি।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লগতে কেইবাটাও বি এছ এফ কেম্পসহ জিলাখনৰ প্ৰায় দুই শতাধিক গাঁও বানৰ কবলত পৰিছে। বানৰ মাজতে সীমান্ত প্ৰহৰী বি এছ এফ জোৱান সকলে যন্ত্ৰ চালিত নাৱৰে দেশ সুৰক্ষাৰ বাবে সীমান্তত কটকটিয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সোমবাৰে পুৱাৰ ভাগত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, মানকাচৰ ৰাজহ চক্ৰ বিষয়া জ্ঞান জ্যোতি দত্তৰ লগতে বি এছ এফৰ কোম্পানী কমাণ্ডেণ্ট এজন জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী এলেকাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে।

বিশেষকৈ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা শিশুমাৰা, নেপূৰেৰ আলগা উন্মক্ত সীমান্তবৰ্তী এলেকা পৰিদৰ্শন কৰে। অঞ্চলটোত মুঠ ২৪ খন চৰকাৰী প্লেটফৰ্মত বানাক্ৰান্ত লোক সকলে বিগত প্ৰায় এসপ্তাহ ধৰি আশ্ৰয় লৈ আছে। গৰু-ছাগলী, হাঁহ-কুকুৰাৰ সৈতে তিনি সহস্ৰাধিক বানাক্ৰান্ত সহবাস কৰিবলগীয়া হৈছে। প্লেটফৰ্মত আশ্ৰয় লোক সকলে খোৱা পানী, খাদ্যৰ অভাৱত ভুগিছে। একেদৰে পশুধন সমূহৰ খাদ্য সংকট হৈ পৰিছে। বিধায়ক গৰাকী চক্ৰ বিষয়াৰ সৈতে পৰিস্থিতিৰ বুজ লৈ কাইলৈৰ পৰা বান সাহায্য প্ৰদানৰ বাবে জিলা প্ৰশাসনক আহ্বান জনায়। ইতিমধ্যে জিলা প্ৰশাসনে মানকাচৰত বান সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক – লখিমপুৰত ‘অগ্নিপথ যোঁজনা’ৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ

মঙলবাৰে সীমান্তবৰ্তী এলেকাৰ লগতে জিলাখনৰ প্ৰতিটো বানাক্ৰান্ত লোকক বান সাহায্য দিয়া হ’ব বুলি জনা গৈছে। ইফালে দেশৰ সুৰক্ষাৰ বাবে দিনে-নিশাই সীমান্তত পহৰা দি অহা বি এছ এফ জোৱান সকলৰ কেইবাটাও বি এছ এফ কেম্প বানৰ কবলত পৰিছে। ফলত তেওঁলোক বানৰ মাজতে দেশ সুৰক্ষা দিয়াৰ স্বাৰ্থত নিজৰ কৰ্তব্য পালন কৰি থকাত বিধায়ক আমিনুল ইছলাম তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply