মানকাচৰ : মানকাচৰত জিলা প্ৰশাসনৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন। দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে মানকাচৰৰ সোনাপুৰস্থিত প্ৰগতি এম ই স্কুলত দিনজোৰা কাৰ্যসূচীৰে বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয়।
উল্লেখযোগ্য যে দেশ স্বাধীনতা লাভ কৰাৰ লগতে ভাৰত-পাকিস্তান বিভাজনৰ বিভীষিকাৰ স্মৃতি সম্পৰ্কে ছাত্ৰ-ছাত্ৰী আৰু নৱ প্ৰজন্মক অৱগত কৰাৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত এই বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয়। জিলা উপায়ুক্ত পল্লবী সৰকাৰৰ লগতে কেবাগৰাকী অতিৰিক্ত উপায়ুক্তৰ উপস্থিতিত বিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰে এই স্মৃতি দিৱস পালন কৰা হয়।
লগতে পঢ়ক – শনিবাৰে ৰাজ্যত ১২৬ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত
পুৱাৰ ভাগত উপায়ুক্ত পল্লবি সৰকাৰে শ্বহীদ বেদীত পুষ্পঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজলন কৰি দেশ স্বাধীনৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ জোৱানৰ বাবে ১ মিনিট সময় মৌনতা পালন কৰে। আনহাতে বিভাজন সম্পৰ্কে বিস্তাৰিতভাৱে প্ৰাক্তন অধ্যক্ষ আশ্ৰাফ আলী চাহাবে ছাত্ৰ-ছাত্ৰী সকলক ভাষণ যোগে অৱগত কৰে।