মানকাচৰ : মানকাচৰত ভাৰত-বাংলাদেশ সীমান্তত কৃষি বিভাগৰ উদ্যোগত মেচিনৰ দ্বাৰা কঠিয়া ৰোৱাৰ বিশেষ কঠিয়া তলি প্ৰস্তুত। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ চৰ অঞ্চলত এই বিশেষ কঠিয়া তলি প্ৰস্তুত।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু হাটশিঙিমাৰী এফ পি চিৰ সহযোগত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী চৰ কুকুৰমাৰাত মেচিনৰ দ্বাৰা কঠিয়া ৰোৱাৰ বিশেষ কঠিয়া তলি প্ৰস্তুত কৰা হয়। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত হাটশিঙিমাৰী জিলা কৃষি বিভাগে বৃহস্পতিবাৰে প্ৰায় ৩ কুইণ্টল উন্নত জাতৰ শালি ধানৰ বিজেৰে কঠিয়া তলি প্ৰস্তুত কৰে।

লগতে পঢ়ক –  বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে মৰাণত পাঁচ হেক্টৰ কৃষিভূমিত ধানৰ বীজ সিঁচিলে বিধায়ক চক্ৰধৰ গগৈয়ে

জিলা কৃষি বিষয়া মইনুল হকৰ উপস্থিতি কুকুৰমাৰা চৰত মেচিনৰ দ্বাৰা বিশেষ কঠিয়া তলি প্ৰস্তুত কৰা হয়। কৃষক সকলে কম খৰচত যাতে খেতি কৰি অধিক লাভম্বিত হ’ব পাৰে তাৰ বাবে মেচিনৰ দ্বাৰা এই বিশেষ কঠিয়া তলি প্ৰস্তুতৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বিশেষ কঠিয়া তলিৰ দ্বাৰা কৃষক সকলে লাভম্বিত হ’ব বুলি জিলা কৃষি বিষয়া আৰু হাটশিঙিমাৰী এফ পি চিৰ মুখ্য কাৰ্যবাহী বিষয়াই জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply