নিউজ ডেস্ক: দেওবাৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ জোনাকী ভৱনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু মৰাণ আঞ্চলিক সমিতি আৰু মৰাণবাসী ৰাইজৰ সহযোগত এখন শৈক্ষিক অভিৱৰ্তন আৰু বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

গছপুলি ৰোপন, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত মৰাণৰ বিভিন্ন প্ৰান্তৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

অনুষ্ঠানটোত গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গনেশ লামাই পৰিচালনা কৰা মুকলি সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ সদস্য সকল উপস্থিত থকাৰ উপৰিও কেইবাগৰাকী জেষ্ঠ ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply