নিউজ ডেস্ক: অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (চি আই ডি) য়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে এক বিশেষ জাননী জাৰী কৰিছে। শেহতীয়াকৈ জাৰী কৰা জাননীত বেংক একাউন্টৰ কোনো ধৰণৰ অ’টিপি, চিভিভি, পিন আৰু পাচৱৰ্ড আদি কোনো অচিনাকি ব্যক্তিক শ্বেয়াৰ নকৰিবলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আহ্বান জনাইছে। লগতে ইমেইল,whatsapp আদি মাধ্যমেৰে পোৱা কোনো অজ্ঞাত লিংকত ক্লিক নকৰিবলৈ অনুৰোধ জনাই অপৰাধ অনুসন্ধান শাখাই।

আজিকালি ৰাজ্যত প্ৰায়ে দেখিবলৈ পোৱা চাইবাৰ অপৰাধ জনিত ঘটনাৰ বাবে এই জাননী জাৰী কৰিছে। যদি কোনো ব্যক্তিয়ে এনে ধৰণৰ আৰ্থিক চাইবাৰ অপৰাধৰ বলি হয় তেন্তে তৎক্ষণাত ১৯৩০ নম্বৰত ফোন কৰিবলৈ আহ্বান জনাই আৰু লগতে এই সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এফ আই আৰ ৰুজু কৰিবলৈ অনুৰোধ জনায়।
উল্লেখ্য যে বিগত এপ্ৰিল মাহৰ ২৮ তাৰিখে মিষ্টাৰ তাপস গুপ্তা নামৰ এজন ব্যক্তিৰ ফোনত airtel.in ৰ পৰা পুৰস্কাৰৰ দাবীৰ সন্দৰ্ভত এটা ইমেইল পাইছিল। প্ৰদান কৰা লিংকটো খুলিলেই তেওঁৰ এছ বি আই একাউণ্টৰ পৰা ৩৭,৪৬৯.৫৭ টকা ছিফন অফ হৈ যায়। ইয়াৰ লগতে মিষ্টাৰ মেহবুব হাছান আহমেদ নামৰ ব্যক্তিৰ একাউণ্টৰ পৰা ৭,৭৮,২৭৪ টকা অনলাইন চাকৰিৰ অজুহাতত প্ৰৱঞ্চকজনে টকাখিনি চাইফন কৰি লৈ যায়। তাৰ পিছতে লোক দুজনে ১৯৩০ নম্বৰত অভিযোগ কৰে।
এই ঘটনাৰ পাছতে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই জাননী জাৰী কৰে। যাতে এনেধৰণৰ চাইবাৰ অপৰাধৰ বলি হোৱা পূৰ্ৱে সকলো সজাগ হৈ থাকে।