নিউজ ডেস্ক: ২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব নতুন সংসদ ভৱন। বৃহস্পতিবাৰে বিত্ত মন্ত্ৰালয়ে সদৰী কৰি কয় যে সংসদ ভৱন উদ্বোধনৰ সময়ত এক বিশেষ ৭৫ টকীয়া মুদ্ৰা মুকলি কৰা হব।

মুদ্ৰাটোৰ এটা পিঠিত অশোক স্তম্ভৰ সিংহ থাকিব,  লগতে লিখা থাকিব-সত্যমেৱ জয়তে। বাঁওফালে ‘ভাৰত’  শব্দটো দেৱানগৰী লিপিত লিখা থাকিব। সোঁফালে ইংৰাজীত ‘ইণ্ডিয়া’  বুলি লিখা থাকিব।

মুদ্ৰাটোত টকাৰ চিহ্নও থাকিব লগতে ৭৫ লিখা থাকিব। মুদ্ৰাটোৰ আনটো ফালে সংসদ ভৱনৰ এখন ছবি দেখুওৱা হ’ব। মুদ্ৰাটোৰ ওপৰৰ ফালে দেৱনাগৰী লিপিত “সংসদ চানকুল” আৰু তলৰ ফালে ইংৰাজীত “সংসদ কমপ্লেক্স” লিখা থাকিব।

জানিব পৰা মতে মুদ্ৰাটোৰ ওজন প্ৰায় ৩৫ গ্ৰাম হ’ব য’ত ৫০ শতাংশ ৰূপ, ৫০ শতাংশ কপাৰ, ৫ শতাংশ নিকল আৰু ৫ শতাংশ জিংক ধাতু থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply