মৰিয়নি : সাংসদ আৰু বিধায়কৰ সুমতি কামনাৰে যজ্ঞ। মৰিয়নিত সাংসদ আৰু বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ। মৰিয়নিত আয়োজন কৰা হৈছে এক বিশেষ যজ্ঞ। পুৰোহিতৰ মন্ত্ৰোচৰানত মুখৰিত হৈছে যজ্ঞ স্থলী। যজ্ঞত অংশগ্ৰহণ কৰিছে পুৰুষ-মহিলা শিশুকে ধৰি বহু সংখ্যক লোকে।

এই যজ্ঞ কোনো অপায়-অমংগল নাশ কৰিবলৈ বা ভগৱানক সন্তুষ্ট কৰিবলৈ নহয়। এই যজ্ঞ চলিছে দুজন জনপ্ৰতিনিধিৰ সুমতি অহাৰ কামনাৰে। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট লোকসভাৰ সাংসদ তপন গগৈৰ প্ৰতিচ্ছবি আঁৰি খোল তাল বজাই নাম গাই ৰাইজে আয়োজন কৰিলে এই বিশেষ যজ্ঞ। শনিবাৰে পুৱাই যজ্ঞ চলিল যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নিৰ চেলেং মাজনৈ চাহ বাগিচাত।

বাগিচাখনৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ বাবে মন্ত্ৰী-বিধায়ক তথা সাংসদক আৱেদন নিবেদন কৰি ভাগৰি পৰা ৰাইজে অৱশেষত গ্ৰহণ কৰিলে এক অভিনৱ পন্থা। চেলেং মাজনৈ চাহ বাগিচাৰ মুল পথ আৰু উপ পথ সমুহ দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকাত বাগিচাখনৰ ৰাইজে বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে।পথৰ দুৰৱস্থাৰ বাবে বাগিচাখনলৈ নোসোমাই কোনো ধৰনৰ বাহন।জৰুৰীকালীন অৱস্থাত প্ৰসুতি বা ৰোগীক বাগিচাখনৰ ৰাইজে চাঙি কৰি বা ডাংকোলা কৰি নিব লাগে। কিছু দিন পূৰ্বে জৰাজীৰ্ণ পথৰ বাবে বাগিচাখনলৈ ১০৮ সেৱাৰ এম্বুলেন্স নোযোৱা বাবে সময়ত চিকিৎসালয় গৈ নোপোৱাত বিৰু পানতাঁতী নামৰ এজন যুৱক কৰুণ মৃত্যুক সাৱতি ল’ব লগা হৈছিল।

লগতে পঢ়ক – বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা

মৃত্যু হোৱা যুৱকজনৰ পিতৃয়ে পুত্ৰৰ প্ৰতিচ্ছবি হাতত লৈ প্ৰতিবাদস্থলীত উপস্থিত থাকি তীব্ৰ ক্ষোভ উজাৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে। পুত্ৰৰ আদ্যশ্ৰাদ্ধলৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীক তামোল-পান দি নিমন্ত্ৰণ জনাইছিল যদিও আহিবলৈ সৎসাহস নকৰিলে বুলি উল্লেখ কৰে পাৰ্থ পানতাতী নামৰ লোকজনে। অৱশেষত যজ্ঞ পাতি চৰকাৰ তথা সাংসদ, মন্ত্ৰী, বিধায়কৰ সুমতি অহাৰ কামনাৰে এনেদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply