বাইহাটা : ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড। এগৰাকী বিশেষভাৱে সক্ষম যুৱতী এজন লম্পটৰ কামনাৰ বলি হৈছে। ৰাইজে আটক কৰিলে ধর্ষণকাৰী যুৱকজনক।
ইটোৰ পিছত সিটো ধর্ষণকাণ্ডই জোকাৰি গৈছে ৰাজ্য। পুনৰ এক জঘন্য ধৰ্ষণকাণ্ডৰ ঘটনাই জোকাৰি হৈছে সমগ্ৰ বাইহাটা চাৰিআলি অঞ্চল। এজন লম্পটৰ কামনাৰ বলি হ’বলগীয়া হৈছে বিশেষভাৱে সক্ষম যুৱতী।
লগতে পঢ়ক – গাঞ্জাসহ তিনিজনক আটক কৰিলে বঙাইগাঁও আৰক্ষীয়ে
জানিব পৰা মতে চুবুৰীয়াৰ সৈতে বিহু চাবলৈ যোৱা বিশেষভাৱে সক্ষম যুৱতী গৰাকীক গণেশ দাস নামৰ এজন লম্পট যুৱকে ধর্ষণ কৰে। পৰৱৰ্তী সময়ত ৰাইজে লম্পটজনক আটক কৰি আৰক্ষীক গতাই দিয়ে।