নিউজ ডেস্ক: আই পি এল-২০২১ৰ নিলাম প্ৰক্ৰিয়া বৃহস্পতিবাৰে সম্পন্ন হয়।
এই বৰ্ষত সবাতোকৈ দামী খেলুৱৈ হিচাপে বিবেচিত গৈছে দক্ষিণ আফ্ৰিকাৰ অলৰাউন্ডাৰ ক্ৰিছ ম’ৰিছ।
ক্ৰিছ ম’ৰিছক আৰ চি বিয়ে ক্ৰয় কৰিছে ১৬.২৫ কোটি টকাত। আই পি এলৰ ইতিহাসত ক্ৰিছ ম’ৰিছ হৈছে সবাতোকৈ দামী খেলুৱৈ। ম’ৰিচৰ বেছ মূল্য আছিল ৭৫ লাখ ।
আনহাতে গ্লেন মেস্কৱেলক আৰ চি বিয়ে ক্ৰয় কৰিছে ১৪.২৫ কোটি টকাত।
শিবম ডুবেক ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিছে ৪.৪০কোটি টকাত।
মইন আলিক চেন্নাই চুপাৰ কিংগছে ক্ৰয় কৰিছে ৭ কোটি টকাত। ষ্টীভ স্মীথক দিল্লী কেপিটেলছে ক্ৰয় কৰিছে ২.২০ কোটি টকাত। চাকিব আল হাছানক ক’লকাতাই ক্ৰয় কৰিছে ৩.২ কোটিত ।
নিলামত বিক্ৰি নোহোৱাৰ তালিকাত আছে হৰভজন সিং, এৰন ফিন্স, এভিন লুইছ, হনুমা বিহাৰী, কেডাৰ যাদব | ২৯২ গৰাকী খেলুবৈ নিলামত অংশ লৈছিল ।