গুৱাহাটী – উত্তৰ-পূৱৰ ৯ ৰাজ্যৰ খেলুৱৈৰ সমাহাৰেৰে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল ৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সোমবাৰৰ পৰা আৰম্ভ হ’ল ৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা।

কভিড প্ৰটকলৰ মাজেৰে হৰ্ষোল্লাসেৰে শুভাৰম্ভ হোৱা প্ৰতিযোগিতাখন উদ্ধোধন কৰে অসম ক্ৰীড়া প্ৰাধিকৰনৰ সঞ্চালক প্ৰধান ওমকাৰ মল কেডিয়াই। প্ৰতিযোগিতাখনত অংশগ্ৰহন কৰা ৰাজ্য সমূহ হৈছে ক্ৰমে অসম, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, বিহাৰ, ঝাৰখণ্ড, ত্ৰিপুৰা, মেঘালয়, চিকিম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ।

উদ্ধোধনী অনুস্থানত উপস্থিত থাকে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, উদ্যোক্তা সমিতিৰ অধ্যক্ষ ধৰ্মকান্ত মিলি আৰু সম্পাদক অশোক কুমাৰ ভৰালীকে ধৰি বহু কেইগৰাকী প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠক। দুদিনীয়াকৈ অনুস্থিত হোৱা প্ৰতিযোগিতাৰ প্ৰথম দিনটোত ৫৩ টা ইভেন্টৰ খেল অনুস্থিত হয়‌।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply