গিলবাৰ্টচন ছাংমা- দেৱাশীষ ৰয় ফুটবলত অসম পুলিছ ব্লুজ শ্ৰেষ্ঠ

গুৱাহাটী – অসম পুলিছ ব্লুজ দলে পঞ্চম বৰ্ষৰ গিলৱাৰ্টছন ছাংমা আৰু দেবাশিষ ৰয় ট্ৰফী ফুটবলত চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুন ৰাম ফুকন ই’ন্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত চাৰিদিনীয়া প্ৰতিযোগিতাখনৰ ফাইনেলত অসম পুলিছ ব্লুজ দলে শক্তিশালী এজি অসম দলক একমাত্ৰ গলত পৰাস্ত কৰে।

উত্তেজনাপূৰ্ণ ফাইনেল খেলখনৰ প্ৰথম চাৰি মিনিটতে অসম পুলিছ ব্লুজ দলৰহৈ মফিদূৰ ইছলামে নিৰ্ণায়ক গলটো স্কৰ কৰে। অসম পুলিছৰ মফিদূৰ ইছলাম আৰু অভিজ্ঞ মনোজ বড়োৱে যুটীয়াভাৱে অনন্ত ৰাম ফুকন সোঁৱৰণী প্ৰতিযোগিতাৰ সৰ্বোচ্চ গলদাতাৰ সম্মান লাভ কৰে। অসমৰ দহটা দলে অংশ লোৱা প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত অসম পুলিছ ব্লুজ দলে ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱক পৰাজিত কৰে।

দ্ধিতীয়খন ছেমি ফাইনেলত এজি অসম দলে মালিগাঁৱৰ অগ্ৰগামী দলক পৰাস্ত কৰে। তৃতীয় স্থান লাভ কৰে ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱে। তৃতীয় স্থান নিৰ্ধাৰণকাৰী ৰোমাঞ্চকৰ খেলখনত ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱে মালিগাঁৱৰ অগ্ৰগামী ক্লাৱক ছাডেন ডেথত পৰাজিত কৰি আৰমান আলীয়ে প্ৰদান কৰা ট্ৰফী আৰু প্ৰাইজমানি লাভ কৰে। নিৰ্মল নুনিছা সোঁৱৰণী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰে এজি অসমৰ লাকিয়ে।

ভূৱন দত্ত সোঁৱৰণী ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে অসম পুলিছ ব্লুজ দলৰ ৰত্নদেৱ ৰাভাই। চিদানন্দ দাস সোঁৱৰণী শ্ৰেষ্ঠ গলকীপাৰ পুৰস্কাৰ লাভ কৰে মালিগাঁও অগ্ৰগামী ক্লাৱৰ সুকান্ত সেনে। নেছাৰ আহমেদ খান সোঁৱৰণী শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সম্মান লাভ কৰে বিদ্যুৎ পৰিষদ প্ৰবীন দলে। চেম্পিয়ন দলে গিলবাৰ্টচন ছাংমা ট্ৰফীৰ সৈতে বিশ হাজাৰ টকাৰ প্ৰাইজমানি, ৰানাৰ্চ আপ দলে দেবাশিষ ৰয় ট্ৰফীৰ লগতে দহ হাজাৰ টকাৰ প্ৰাইজমানি লাভ কৰে।

খেলৰ শেষত বঁটা সমুহ বিতৰন কৰে আৰক্ষী আযুক্ত মুন্না প্ৰসাদ গুপ্তা, দুই আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলৱাৰ্টছন ছাংমা, দেবাশিষ ৰয়, জুৱেল বে, বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছা, বিশিষ্ট সাংবাদিক প্ৰনয় বৰদলৈ, আন্তঃৰাষ্ট্ৰীয় সাতোৰবিদ এলভিছ আলি হাজৰিকা, অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েছনৰ সভাপতি জয়ন্ত দাস, সাধাৰণ সম্পাদক বিপুল বৰ্মন, উপ সভাপতি কিশোৰ তালুকদাৰৰ উপৰি অন্যান্য সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply