গুৱাহাটী– বৃহস্পতিবাৰে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ আৰ জি বৰুৱা স্পৰ্টছ কমপ্লেস্কত অনুষ্ঠিত হৈ যায় স্বৰ্গীয় নিৰ্মল নুনিছা আৰু স্বৰ্গীয় যোগেন্দ্ৰ গায়ন সোঁৱৰণী ১৪ সংখ্য়ক ছেপাক টাক্ৰা’ টুৰ্ণামেন্টখন। এই প্ৰতিযোগিতাখনৰ শুভাৰম্ভনী অনুষ্ঠানত মুখ্য় অতিথি হিচাপে উপস্থিত থাকে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা।

লগতে উপস্থিত থাকে আয়োজক কমিটীৰ উপদেষ্টা প্ৰণয় বৰদলৈ, ASTAৰ যুটীয়া উপসভাপতি ক্ৰমে ৰাজীৱ প্ৰকাশ বৰুৱা, ৰমেশ থাওছেন, আয়োজক কমিটীৰ সভাপতি ভাস্কৰ জে গগৈ, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন ছাহাকে ধৰি বহুকেইগৰাকী লোক।

এই প্ৰতিযোগিতাখনৰ ফ্লেগ হ’ষ্ট কৰে ASTAৰ উপসভাপতি ৰমেশ থাওছেনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply