নগাওঁ– শুকুৰবাৰে নগাঁও নুৰুল আমিন ষ্টেডিয়ামত অসম ক্ৰিকেট সংন্থাৰ তত্বাৱধানত অনুষ্ঠিত হয় এখনি ক্ৰিকেট টুৰ্ণামেন্ট। প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ নগাঁও মণ্ডলৰ প্ৰথম খন ছেমিফাইনেল খেলে দৃষ্টি আকৰ্ষণ কৰে ক্ৰিকেট অনুৰাগীৰ ৷ ত্ৰিনয়ন ক্লাৱ আৰু ষ্টাৰ স্পৰ্টিং ক্লাবৰ মাজত অনুষ্ঠিত হৈছিল খেলখন।
প্ৰথমে বেট ধৰা ষ্টাৰ স্পৰ্টিং ক্লাবৰ অপেনাৰ বেটছমেন অৰ্জ্জুন কুমাৰে প্ৰথমৰ পৰাই খেলিছিল দুৰ্দান্ত শ্বট ৷ ষ্টাৰ স্পৰ্টিং ক্লাবৰ আন কেইজন বেটছমেন ফিল্ডত বিশেষ ভাবে সফল হ’ব পৰা নাছিল যদিও অপেনাৰ অৰ্জ্জুন কুমাৰে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখিছিল খেলখন ৷ অৰ্জ্জুনে খেলখনত ১১৬ টা বল খেলি সংগ্ৰহ কৰা ২৫১ ৰানৰ সহায়ত দলটোয়ে সংগ্ৰহ কৰে সৰ্বমুঠ ৩৪৭ ৰান ৷
বেটিঙত এই দুৰ্দান্ত প্ৰদৰ্শন দেখুৱা অৰ্জ্জুন কুমাৰৰ ঘৰ লক্ষ্ণৌত ৷ এতিয়া নগাঁৱৰ ষ্টাৰ স্পৰ্টিং ক্লাবৰ ৰেজিষ্টাৰত খেলুৱৈ ৷ বিগত সময়ত নগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰি ১৯আৰু ২৩ অনুৰ্ধৰ অসম দলৰ হৈ খেলিছিল এই ৩২ বছৰীয়া প্ৰতিভাৱান ক্ৰিকেটাৰ জনে ৷ প্ৰতিভাৱান ক্ৰিকেটাৰ জনৰ অধীনত দিল্লী গুৰগাঁৱত আছে এখন ক্ৰিকেট একাডেমি ৷ অনাগত দিনটো নগাঁৱক প্ৰতিনিধিত্ব কৰি অসমৰহৈ খেলাৰ মন এই দুৰ্দান্ত বেটছমেন গৰাকীৰ ৷
শুকুৰবাৰে নগাঁও নুৰুল আমিন ষ্টেডিয়ামত খেলুৱৈ গৰাকীয়ে দেখুৱা দুৰ্দান্ত বেটিঙে অসম ক্ৰিকেট সংন্থাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷