বিশ্বনাথ– বিহালীৰ অন্যতম নেক্সাছ ক্লাৱৰ উদ্যোগত বেদেতী চাহ-বাগিচা খেল পথাৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে নৱম বাৰ্ষিক প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা। বৰগাঙৰ জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱাই মুকলি কৰে প্ৰতিযোগিতাখন।
বেদেতীৰ নেক্সাছ ক্লাৱে ৯ টা বছৰ ধৰি এই দিবা নৈশ ক্ৰিকেট প্রতিযোগিতা খন আয়োজন কৰি আহিছে। এইবাৰৰ প্ৰতিযোগিতাত ১২ টা দলে অংশ গ্ৰহণ কৰিছে বুলি সম্পাদক নিকু নাথে জানিবলৈ দিয়ে l