নিউজ ডেস্ক– যোগাসনক ভাৰতৰ খেল জগতৰ লগত অন্তৰ্ভুক্ত কৰা হৈছে । বাকী খেলৰ দৰে যোগাসনকো প্ৰতিযোগিতামূলক খেল হিচাপে স্বীকৃতি দিছে ভাৰতৰ ক্ৰীড়া মন্ত্ৰণালয়ে।
এই সন্দৰ্ভত ৰাজ্য়িক খেলমন্ত্ৰী কিৰণ ৰিজিজুৱে টুইটাৰত এক টুইটতো কৰে। তেওঁ টুইটটোত লিখে, ‘যোগাসনৰ জনপ্ৰিয়তা বঢ়াবলৈ আৰু যোগাসনক প্ৰতিযোগিতামূলক খেলৰ স্বীকৃতি দিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সপোন আজি পূৰণ হৈ গ’ল। খেল মন্ত্ৰণালয়ে আনুষ্ঠানিক ভাৱে যোগাসনক প্ৰতিযোগিতামূলক খেল হিচাপে স্বীকৃতি দিলে। যিদৰে যোগা সমগ্ৰ বিশ্বৰ বাবে ভাৰতৰ উপহাৰ সেইদৰে যোগাসন খেলজগতৰ বাবে এক উপহাৰ।’
प्रधानमंत्री श्री @narendramodi जी की सरकार के व्यापक परामर्श के बाद #Yogasana को एक प्रतिस्पर्धी खेल के रूप में बढ़ावा देने का निर्णय लिया गया है।
राष्ट्रीय योग खेल महासंघ (NYSF) को योगासन के प्रचार और विकास के लिए राष्ट्रीय खेल महासंघ के रूप में मान्यता दी गई।@shripadynaik https://t.co/XgLDpMeoV8
— Kiren Rijiju (@KirenRijiju) December 17, 2020
লগতে কিৰণ ৰিজিজুৱে কয় প্ৰত্য়েকেই স্বাস্থ্য় ভালে ৰাখিবলৈ দিনে আধা ঘন্টাকৈ যোগাসন কৰাটো খুবেই জৰুৰী। বিশ্বজুৰি ভাৰতৰ যোগাসনৰ জনপ্রিয়তা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে আন্তঃৰাষ্ট্রীয় যোগাসন স্প’টছ ফেডাৰেচন গঠন কৰাৰ লগতে যোগাসনক প্রতিযোগিতামূলক খেল হিচাপে স্বীকৃতি দিছে ৷ খেলো ইণ্ডিয়া গেমছতো যোগাসন অন্তর্ভুক্ত কৰা হ’ব বুলিও কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷