সোণাৰি– সোণাৰিত স্থাপন কৰা হ’ব এখন আৰ্চাৰী একাডেমিৰ। ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং কানুবাৰীত নিৰ্মাণ হ’ব লগা “মাংৰী ওৰাং আৰ্চাৰী একাডেমি”ৰ ভূমিপূজন কাৰ্যসূচী মঙলবাৰে সম্পন্ন হয়।
ভূমিপূজন কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, জিলা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ উপস্থিত থাকে। অসমৰ চৰকাৰৰ চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত স্থাপন হ’ব এই আৰ্চাৰী একাডেমিখন।