গুৱাহাটীঃ দেওবাৰে অলিম্পিক পদক বিজয়ী তথা অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইয়ে গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল মেচত কেৰালাৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।
কেৰালাৰ কে এ ইন্দ্ৰজাৰ বিৰুদ্ধে ৭০-৭৫কেজি শাখাত কোৱাৰ্টাৰ ফাইনেল খেলখনত লাভলীনাই ৫-০ স্ক’ৰেৰে জয় লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।
একেদৰে অসমৰ এগৰাকী মলযোদ্ধা ফুইলাও বসুমতাৰীয়েও হিমাচল প্ৰদেশৰ ডিম্পল উপাধ্যায়ক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে। একেদৰে শিৱ থাপাইও ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে।
আনহাতে দেওবাৰৰ দিনটোতে অসমৰ উশ্বু খেলুৱৈসকলেও ৩ টা পদক লাভ কৰিছে। টাইজিকুয়ান আৰু টাইজিজন পুৰুষৰ সামগ্ৰিক প্ৰতিযোগিতাত চানমা ব্ৰহ্মই ৰূপৰ পদক অৰ্জন কৰে, ৰংগিলা দৈমাৰীয়ে নানকুয়ান আৰু নন্দাও মহিলাৰ সামগ্ৰিক প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে আৰু সঞ্জীৱ কুমাৰ সিঙে নানকুয়ান আৰু নানগুন পুৰুষৰ সামগ্ৰিক প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।