৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছলৈ অসম দল ঘোষণা

গুৱাহাটী – গুৱাহাটীত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা বাবে অসম এথলেটিকছ দল ঘোষণা। অসম এথলেটিকছ সন্থাৰ উদ্যোগত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৫ দিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুস্থিত হ’ব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা।প্ৰতিযোগিতাখনত অংশগ্ৰহন কৰিবলগীয়া অসমৰ ৮১ জনীয়া খেলুৱৈৰ তালিকা ঘোষণা কৰিছে অসম এথলেটিকছ সন্থাই।

শুকুৰবাৰে ঘোষিত খেলুৱৈসকল হৈছে ক্ৰমে লৰাৰ (১৪ অনুৰ্ধ্ব) শাখাত অংশুমান ভাগৱতী, নয়নমনি হাজৰিকা, বিশ্বজিৎ দাস, মৌচম বৈৰাগী আৰু নিহাৰ গগৈ, (১৬ অনুৰ্ধ্ব) শাখাত ৰাজু দৈমাৰী, ইদুল হুছেইন, সজল দাস, বিশাল শইকীয়া, জ্যোতিস্মান দত্ত, সঞ্জয় দাস, কপিল লাহন, চুমন মিলি আৰু সাগৰ ঘোষ, (১৮ অনুৰ্ধ্ব) অক্ষয় বড়ো, ত্ৰিশাংকু বৰ্মন, সৌৰভ কুৰ্মী, চিন্ময় বৰুৱা,মেহদী হাচান, দিবাকৰ দাস, ৰাধেশ্যাম দাস, আয়ুসী গগৈ, যুগান্ত চাংমাই, ভাৰ্গৱ দত্ত, প্ৰমোদ হাগজাৰ, হিৰকজ্যোতি দিহিঙীয়া, ৰক্তিম দাস, প্ৰবাল কোঁৱৰ, পিণ্টু বৰঠাকুৰ, জংচাৰ বসুমতাৰী আৰু জিন্টু দুৱৰা। (২০ অনুৰ্ধ্ব) ভুম মুছাহাৰী, পল্লৱ গগৈ, মাধূৰ্য বৰা, দেৱাশিষ বৰুৱা, প্ৰণৱ বৈদ্য, ভাইটি দলে, ৰক্তিম মোহন, বিক্ৰম দাস, বিলাশ শৰণীয়া, বিশাল দাস, জিছান দিহিঙীয়া, চানিদুল মামুদ, জিতুপন মিলি, অভিজিত নাথ, শ্বেখ জায়েদ আহমেদ।

আনহাতে ছোৱালীৰ (১৪ অনুৰ্ধ্ব) শাখাত ৰিমঝিম শইকীয়া, বৰ্ণালী কৰ্মকাৰ, তৰালী দাস,পাৰিজাত দলৈ আৰু আইনু বৰুৱা, (১৬ অনুৰ্ধ) কাদম্বৰী মুডিয়াৰ, ৰাশ্না পেগু, লক্ষীমনি পেগু, মনিকা মাঝী, পলি দলে, জছমিতা মিলি, চয়নিকা গগৈ, নিশিতা হালৈ, অমিষা পেগু, কৃষ্ণা বড়ো, ৰেখাজ্যোতি গগৈ, ডেনিম বৰুৱা আৰু অনামিকা পেগু, (১৮ অনুৰ্ধ) মধুমিতা বৈশ্য, প্ৰতীক্ষা বৰুৱা, বিংকী চমুৱা, গীতা দলে আৰু গংগা নাৰ্জাৰী, (২০ অনুৰ্ধ) লীনা ডেকা, মেৰিনা কোঁৱৰ, মনালিছা বৰ্মন, কৃষ্ণা ফুকন, লুনা নাথ, অম্বিকা নাৰ্জাৰী আৰু বৰ্নিতা দাস। অসমৰ ৮১ জনীয়া এই দলটোৰ প্ৰশিক্ষকত্ৰয় নৱজিৎ মালাকৰ, প্ৰাঞ্জল বৰুৱা, গেৰেমছা দৈমাৰী আৰু মেনেজাৰদ্বয় ৰূপক বৈশ্য আৰু গীতুমনি দাস বুলি জানিবলৈ দিছে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক কুমাৰ ভৰালীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply