গুৱাহাটী– গুৱাহাটী জজ খেলপথাৰত অহা ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব আন্তঃ মিডিয়া ক্ৰিকেট টুৰ্ণামেন্ট। এই টুৰ্ণামেন্ট খনত সংবাদ মাধ্য়মৰ বিভিন্ন ক্ষেত্ৰৰ পৰা ৫টা দলে অংশগ্ৰহণ কৰিব। অসম ক্ৰিকেট সাংবাদিক সন্থাৰ উদ্য়োগত অনুষ্ঠিত হ’ব এই টুৰ্ণামেন্ট।
এই টুৰ্ণামেন্টখনত বিজয়ী দলক নগদ ২০,০০০ টকা আগবঢ়োৱা হ’ব আৰু ৰাণাৰ্ছ আপ দলক আগবঢ়োৱা হ’ব ১০,০০০ টকা।
সম্পূৰ্ণ কভিড প্ৰট’কল মানি চলিয়ে এই টুৰ্ণামেন্টখনি অনুষ্ঠিত হ’ব বুলি জনাইছে অসম ক্ৰিকেট সাংবাদিক সন্থাই।