নিউজ ডেস্ক– এইবাৰ অনুষ্ঠিত নহ’ব ৰঞ্জী ট্ৰফী। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বাতিল কৰিছে ৰঞ্জী ট্ৰফী প্ৰতিযোগিতা। ক’ৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিততে প্ৰতিযোগিতাখন বাতিল কতৰা হৈছে বুলি বিচিচিআই জনাইছে।
এপ্ৰিলৰ প্ৰথম ভাগৰ পৰাই চলিত বৰ্ষৰ আইপিএল অনুষ্ঠিত হোৱাৰ কথা আছিল। ব’ৰ্ডে মাৰ্চ মাহৰ শেষৰ ফালে আইপিলএৰ বাবে সকলো ক্ৰিকেটাৰকে ঘৰুৱা ক্ৰিকেট সূচীৰ পৰা মুকলি কৰি দিব খুজিছে।
ব’ৰ্ডে জনাইছে যে ৰঞ্জী ট্ৰফীৰ প্ৰতিযোগিতা অনুষ্ঠিত নহ’লেও ৰঞ্জী খেলুৱৈসকলৰ মেচ ফী প্ৰদান কৰিব ব’ৰ্ডে। উল্লেখ্য যে ৰঞ্জীৰ একোখন মেচৰ বাবে একোজন খেলুৱৈয়ে প্ৰতিদিনে ৪৫ হাজাৰকৈ টকা মেচ ফী হিচাপে লাভ কৰে।
উল্লেখ্য় যে ৮৭বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নহ’ব ৰঞ্জী ট্ৰফী।