গুৱাহাটী – অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুস্থিত হ’ব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাখন সফলভাৱে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সকলো প্ৰস্ততি সম্পূৰ্ণ কৰি তোলা হৈছে।
দেশৰ প্ৰায় ২ হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত ১৪ বছৰ, ১৬ বছৰ, ১৮ বছৰ আৰু ২০ বছৰ অনুৰ্ধ লৰা-ছোৱালীৰ ১০৫ টা ইভেন্ট অনুস্থিত হ’ব। ৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪ বজাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰিব।
প্ৰতিযোগিতাখনৰ পূৰ্বে সা-সজুলি, কাৰিকৰী দিশ আৰু খেলপথাৰ পৰ্যবেক্ষণৰ বাবে বুধবাৰে পৰ্যবেক্ষক হিচাপে গুৱাহাটীত উপস্থিত হয় ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ শম্ভু দাস বন্দোপাধ্যায়। প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰি যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিযোগিতাৰ সফলতা কামনা কৰে শম্ভু দাস বন্দোপাধ্যায়ই।
পৰ্যবেক্ষক গৰাকীৰ লগত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, সম্পাদক অশোক ভৰালী, যু্টীয়া সম্পাদক নিপন দাস, কাৰিকৰী চেয়াৰমেন দিগন্ত শইকীয়াৰ লগতে কেইবাজনো বিষয় ববীয়া উপস্থিত থাকে।