নিউজ ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ ১২ ভাৰতীয় বলাৰৰ আইপিএলত খেলিব লগীয়া খেলুৱৈ ওপৰত বিচিচিআই দিছে কিছু নিষেধাজ্ঞা।
আইপিএল খেলাত কোনো বাধা নাই এই ১২ ভাৰতীয় বলাৰ ওপৰত। কিন্তু বলাৰক আইপিএল ফ্রেন্সাই জিয়ে কোনো অধিক চাপ প্রয়োগ কৰিব নোৱাৰিব। এই সন্দৰ্ভত বিচিচিআই নিৰ্দেশনা জাৰি কৰিছে।
আইপিএল শেষ হোৱাৰ লগে লগেই ভাৰতীয় ক্ৰিকেট দলে ১ জুন ৰ পৰা ৫ জুনলৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব। টেষ্ট চেম্পিয়নশ্বিপৰ শেষ হোৱাৰ লগে লগেই ভাৰতীয় দলে এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাব লাগিব। যাতে কোনো বলাৰে আইপিএলত আঘাত পাই দীৰ্ঘদিনীয়া বিৰতি ল’বলগীয়া নহয়তাৰ বাবে ব’র্ডে নিৰ্দেশনা এইবাবে জাৰি কৰিছে
ইতিমধ্যে আই পি এলৰ সকলো দলৰ ফিজিঅ’ৰ লগত আলোচনা কৰিছে এন চি এৰ ফিজিঅ’ নীতিন পেটেল আৰু ভাৰতীয় দলৰ ফিজিঅ’ সোহম দেশায়ে। এই দুগৰাকী ফিজিঅ’ৱে জনাইছে যে ১২ গৰাকী বলাৰৰ ওপৰত বিশেষ নজৰ দিয়া হৈছে। তেওঁলোকক সাৱধানতাৰে ব্যৱহাৰ কৰিব লাগিব।
আই পি এলৰ সাতটা দলত ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা ১২ বলাৰে খেলে। ইয়াৰ ভিতৰত গুজৰাটত মহম্মদ ছামি, আৰ চি বিত মহম্মদ চিৰাজ, কে কে আৰত উমেশ যাদৱ আৰু শার্দুল ঠাকুৰ, চি এছ কেত দীপক চহৰ, দিল্লীত কুলদীপ যাদৱ আৰু অক্ষৰ পেটেল, ৰাজস্থানত অশ্বিন আৰু চহল, হায়দাবাদত ভুবনেশ্বৰ, উমৰান মালিক আৰু ৱাশ্বিংটন সুন্দৰ।
উল্লেখযোগ্য যে, আই পি এলৰ নেটত উক্ত ১২ বলাৰে অতিৰিক্ত বলিং নকৰে। অৱশ্যে ফিল্ডিং অনুশীলন কৰাত কোনো বাধা নাই। কোনো সমস্যাৰ সন্মুখীন হ’লে তৎক্ষণাৎ ব’ৰ্ডক অৱগত কৰিব লাগিব। মেচৰ চাৰি অ’ভাৰৰ বাহিৰে এই ১২ বলাৰে অনুশীলনত অধিক বলিঙৰ পৰা বিৰত থাকিব।
লগতে পঢ়ক- সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে অখিল গগৈ