তেৰ বছৰ বয়সতেই অলিম্পিকৰ স্বৰ্ণ জয় জাপানৰ ম’মিজি নিছিয়াৰ । প্ৰথম বাৰৰ অলিম্পিকত অন্তভুক্ত কৰা ষ্ট্ৰীট স্কেট ব’ৰ্ডিঙত সোণৰ পদক জয় লাভ কৰে আয়োজক জাপানৰ তৰুণী ম’মিজিয়ে ।

এই প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে ব্ৰাজিলৰ ৰেয়ছা লীলে আৰু ব্ৰঞ্জৰ পদক পাই জাপানৰে ফুনা নাকায়ামাই । পদক লাভ কৰা আটাইকেইগৰাকীয়ে প্ৰতিযোগীয়েই কম বয়সৰ । ৰূপৰ পদক বিজয়ী ৰেইছাও ১৩ বছৰীয়া হোৱাৰ বিপৰীতে ব্ৰঞ্জৰ পদক লাভ কৰা নাকায়ামা হ’ল ১৬ বছৰীয়া ।

জাপানৰ কনিষ্ঠ খেলুৱৈ ৰূপে ১৩ বছৰ ৩৩০ দিনতে স্বৰ্ণজয় কৰা ম’মিজিৰ সফলতাক লৈ দেশবাসী গৌৰম্বাবিত ।

অলিম্পিকত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছে স্কেটব’ৰ্ডিং ক্ৰীড়াবিধ।এই ক্ৰীড়াবিধত অলিম্পিকত প্ৰথমটো স্বৰ্ণ জয়ৰ লগতে মাত্ৰ ১৩ বছৰ বয়সতে এই সমফলতা লাভ কৰি ইতিহাস সৃষ্টি কৰিছে জাপানৰ কিশোৰীগৰাকীয়ে।

লগতে পঢ়ক গুৱাহাটীত অ’লা উবেৰ সলনি আগষ্টৰ পৰা পে-ইন্ডিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply