নিউজ ডেস্কঃ বয়স মাত্ৰ ১৬ বছৰ। এই বয়সতে বিশ্বৰ ১নং দবা খেলুৱৈ  মেগনাচ কাৰ্লচেনক পৰাজিত কৰি চমক সৃষ্টি কৰিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ আৰ প্ৰজ্ঞানন্ধাই।

Airthings Masters এখন অনলাইন দবা প্ৰতিযোগিতা। Airthings Masters ৰ অষ্টম ৰাউণ্ডতে প্ৰজ্ঞানন্ধাই বিশ্ব চেম্পিয়ন মেগনাচ কাৰ্লচেনক ৩৯টা চালত পৰাস্ত কৰে।

Airthings Masters হৈছে ১৬জন খেলুৱৈৰ এক অনলাইন ৰেপিড টুৰ্ণামেণ্ট য’ত এজন খেলুৱৈয়ে জয়ৰ বাবে তিনি পইণ্ট আৰু প্ৰাথমিক ৰাউণ্ডত ড্ৰ’ৰ বাবে এটা পইণ্ট লাভ কৰে। এই খেলখনত ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ প্ৰজ্ঞানন্ধাই আঠটা ৰাউণ্ডৰ পিছত আঠ পইণ্টৰ সৈতে দ্বাদশ স্থানত আছে।

২০০৫ চনৰ ১০ আগষ্টত চেন্নাইত জন্মগ্ৰহণ কৰা প্ৰজ্ঞানন্ধাই সৰুৰে পৰা ঘৰত দবাখেলৰ পৰিৱেশ লাভ কৰিছিল। তেওঁৰ ভগ্নী বৈশালী ৰমেশ বাবুও এগৰাকী প্ৰসিদ্ধ দবা খেলুৱৈ।

প্ৰজ্ঞানন্ধাই মাত্ৰ সাত বছৰ বয়সত ২০১৩ চনত ৮-অনুৰ্ধ বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপ জিকিছিল। তাৰ পিছত, ২০১৫ চনত ১০-অনুৰ্ধৰ বিশ্ব যুৱ দবা চেম্পিয়নৰ খিতাপ লাভ কৰিছিল। ২০১৬ চনত ১০বছৰ ১০মাহ বয়সতে যুৱা দবা চেম্পিয়ন হিচাপে ইতিহাসত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছিল।২০১৭চনত বিশ্ব যুৱ দবা চেম্পিয়নত খিতাপ অৰ্জন কৰাৰ পিছতে গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰিছিল।

প্ৰজ্ঞানন্ধাই সৰুৰে পৰাই দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ চিনেমা চাবলৈ ভাল পাইছিল। তেওঁ আদৰ্শ হৈছে ভাৰতৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ আৰু প্ৰাক্তন বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply